বিহুৱানৰ বাবে থলুনা শিপিনীৰ পৰা চৰকাৰে ক্ৰয় কৰিলে ৯,২৫,০১০খন গামোচা | assam govt buy 9.25 lakh gomacha from assam weavers for bihuwan Assam news - Assam Tv9

বিহুৱানৰ বাবে থলুনা শিপিনীৰ পৰা চৰকাৰে ক্ৰয় কৰিলে ৯,২৫,০১০খন গামোচা

Published: 

09 Apr 2025 13:42 PM

ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন। হেঁপাহৰ বিহুটিক আদৰিবলৈ প্ৰতিগৰাকী অসমীয়া ইতিমধ্যে সাজু হৈছে। বিহুৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীকে ধৰি বিভিন্নজনক বিহুৱান প্ৰদান কৰিছে অসম চৰকাৰে।

1 / 5হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন। এই সময়চোৱাত প্ৰতিগৰাকী অসমীয়া ব্যস্ত হৈ পৰিছে হেঁপাহৰ বিহুটিত আদৰাৰ বাবে। আপোনজনক বিহুৱান দিয়াৰ পৰা আৰম্ভ কৰি পিঠা-পনা প্ৰস্তুত কৰালৈকে বিভিন্নজনৰ বেলেগ বেলেগ প্ৰস্তুতি।

হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন। এই সময়চোৱাত প্ৰতিগৰাকী অসমীয়া ব্যস্ত হৈ পৰিছে হেঁপাহৰ বিহুটিত আদৰাৰ বাবে। আপোনজনক বিহুৱান দিয়াৰ পৰা আৰম্ভ কৰি পিঠা-পনা প্ৰস্তুত কৰালৈকে বিভিন্নজনৰ বেলেগ বেলেগ প্ৰস্তুতি।

2 / 5

বিহুৰ লগত বিহুৱানৰ এক বিশেষ সম্পৰ্ক আছে। এইবাৰ অসম চৰকাৰে ৰাজ্যৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত বিভিন্নজনক বিহুৱান প্ৰদান কৰিছে। সামাজিক মাধ্যমত ইতিমধ্যে বিভিন্নজনে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই বিহুৱানৰ ফটো পোষ্ট কৰিছে।

3 / 5

জানিব পৰা মতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৭ লাখ ৭৩ হাজাৰ ব্যক্তিক বিহুৱান প্ৰদান কৰিছে। ইয়াৰ বাবে অসমৰ শিল্পীসকলৰ পৰা মুঠ ৯,২৫,০১০খন গামোচা ক্ৰয় কৰিছে। অসমৰ থলুৱা শিপিনীসকলৰ শৈল্পিক প্ৰতিভাক সন্মান জনাই চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।

4 / 5

এই সন্দৰ্ভত মন্ত্ৰী পিযুষ হাজৰিকাই কয় যে, অসমৰ চহকী বস্ত্ৰশিল্পক উজ্জীৱিত কৰাৰ প্ৰয়াসেৰে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ ৭ লাখ ৭৩ হাজাৰ ব্যক্তিলৈ বিহুৱান উপহাৰ দিয়াৰ এক অভিনৱ পদক্ষেপ হাতত লৈছে। এই পদক্ষেপে শিপিনীসকলৰ লগতে থলুৱা অৰ্থনীতিক কিদৰে উপকৃত কৰিব বুলি জনাই মন্ত্ৰীগৰাকীয়ে।

5 / 5

উল্লেখ্য যে, যোৱা কেইটামান দিনত অসমত গামোচাকেন্দ্ৰিক বিতৰ্কই গা কৰি উঠিছে। একাংশই অভিযোগ কৰিছে যে ঋণত ডুব যোৱা চৰকাৰে বিহুৱানৰ নামত কোটি কোটি টকা খৰচ কৰিছে। কিন্তু ইয়াৰ এটা ভাল দিশো আছে। কিয়নো ইয়াৰ ফলত অসম থলুৱা শিপিনীসকল লাভান্বিত হৈছে।

গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক