Assam govt holidays in November: নৱেম্বৰ মাহত ১০ দিন বন্ধ থাকিব অসমৰ চৰকাৰী কাৰ্যালয়, চাওক বন্ধৰ তালিকা | assam govt holidays in month of november know how many days office will be closed assam Assam news - Assam Tv9

Assam govt holidays in November: নৱেম্বৰ মাহত ১০ দিন বন্ধ থাকিব অসমৰ চৰকাৰী কাৰ্যালয়, চাওক বন্ধৰ তালিকা

Published: 

31 Oct 2024 16:10 PM

Assam govt holidays in November: নৱেম্বৰ মাহটোত কেইবাটাও বন্ধ লাভ কৰিব অসমৰ চৰকাৰী কৰ্মচাৰীসকলে। দেওবাৰ, দ্বিতীয়- চতুৰ্থ শনিবাৰৰ উপৰি কেইবাটাও দিনত চৰকাৰী বন্ধ থাকিব। আহক জানো কি কি দিনত বন্ধ থাকিব অসমৰ চৰকাৰী কাৰ্যালয়-

1 / 5নৱেম্বৰ মাহত কেইবাদিন বন্ধ লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে। নৱেম্বৰ মাহত ১০ দিন বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। ইয়াৰোপৰি যিসমূহ জিলা প্ৰশাসনে দীপাৱলী উপলক্ষে স্থানীয় বন্ধ ঘোষণা কৰিছে সেই জিলাৰ চৰকাৰী কৰ্মচাৰীয়ে ১১ দিন বন্ধ লাভ কৰিব। কেইবাখনো জিলাত ১ নৱেম্বৰ দীপাৱলী উপলক্ষে স্থানীয় বন্ধ ঘোষণা কৰিছে।

নৱেম্বৰ মাহত কেইবাদিন বন্ধ লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে। নৱেম্বৰ মাহত ১০ দিন বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। ইয়াৰোপৰি যিসমূহ জিলা প্ৰশাসনে দীপাৱলী উপলক্ষে স্থানীয় বন্ধ ঘোষণা কৰিছে সেই জিলাৰ চৰকাৰী কৰ্মচাৰীয়ে ১১ দিন বন্ধ লাভ কৰিব। কেইবাখনো জিলাত ১ নৱেম্বৰ দীপাৱলী উপলক্ষে স্থানীয় বন্ধ ঘোষণা কৰিছে।

2 / 5

৩ নৱেম্বৰত ভাতৃ দ্বিতীয় উপলক্ষে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়। এই দিনটোত অৱশ্যে দেওবাৰ পৰিছে। ইয়াৰ লগতে ৭ নৱেম্বৰত চট পূজা উপলক্ষে বন্ধ থাকিব ৰাজ্যৰ সকলো ধৰণৰ চৰকাৰী কাৰ্যালয়।

3 / 5

১৫ নৱেম্বৰত গুৰুনানকৰ জন্মজয়ন্তী উপলক্ষে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। ইয়াৰ লগতে ২৪ নৱেম্বৰত লাচিত দিৱস উপলক্ষে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। অৱশ্যে লাচিত দিৱসৰ দিনটো দেওবাৰ পৰিছে।

4 / 5

১০ আৰু ১৭ নৱেম্বৰত দেওবাৰ, যাৰ বাবে এই দিনকেইটাত চৰকাৰী কাৰ্যালয় বন্ধ থাকিব। ইয়াৰ লগতে ৯ নৱেম্বৰত দ্বিতীয় শনিবাৰ, ২৩ নবেম্বৰত চতুৰ্থ শনিবাৰ বাবে চৰকাৰী কাৰ্যালয় বন্ধ থাকিব।

5 / 5

অসমৰ চৰকাৰী কৰ্মচাৰীসকলে অহা ৬ নৱেম্বৰ বুধবাৰ আৰু ৮ নৱেম্বৰ শুকুৰবাৰে 'মাতৃ- পিতৃ বন্দনা আঁচনি'ৰ অধীনত বিশেষ চুটি লাভ কৰিব। গতিকে ৬ নবেম্বৰৰ পৰা ১০ তাৰিখলৈ একেৰাহে ৫ দিন বন্ধ থাকিব অসমৰ সকলো চৰকাৰী কাৰ্যালয়।

ছেইফ আলী খানৰ মুম্বাইৰ ঘৰৰ দাম কিমান? য'ত কৰা হৈছিল আক্ৰমণ
বেগত হালধি টুকুৰা ৰাখিলে কি হয় জানেনে?
মহাকুম্ভ মেলাৰ আঁৰৰ আধ্যাত্মিক তাৎপৰ্যৰ বিষয়ে জানেনে?
ঠাণ্ডাত শৰীৰ গৰম কৰি ৰাখিবলৈ নাগা সন্ন্যাসীসকলে কি খায়?