২০২৫ৰ মেট্ৰিক, HSৰ পৰীক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ। ফলাফল ঘোষণাৰ বাবে সাজু হৈছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ (ASSEB)।
ইতিমধ্যে ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিলে পঞ্চায়ত নিৰ্বাচনৰ দিন। তাৰ পাছতে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা।
দিছপুৰৰ সেউজ সংকেট পালেই ফলাফল ঘোষণা কৰিব ASSEB-এ। এবছুৰে হোৱা বৈঠকত ASSEB-এ জনালে এই কথা।
ৰঙালী বিহুৰ পূৰ্বে ঘোষণা হ'ব পাৰে মেট্ৰিকৰ ফলাফল। ইফালে এপ্ৰিলৰ শেষত নহ'লে মে'ৰ প্ৰথম সপ্তাহত ঘোষণা কৰাৰ সম্ভাৱনা উচ্চতৰ মাধ্যমিকৰ ফলাফল।
ৰঙালী বিহুৰ পূৰ্বে মেট্ৰিকৰ ফলাফল দিবলৈ সাজু শিক্ষা বিভাগ। ASSEBৰ অধ্যক্ষৰ উদ্ধৃতিৰে এই কথা জনালে এবছু সভাপতি দ্বীপেন বড়োৱে।