শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মহাকাশৰ পৰা সুনীতা উভতি অহাৰ আঁৰত এগৰাকী অসম সন্তান…

সুদীৰ্ঘ ৯ মাহৰ অন্তত কালি পৃথিৱীপৃষ্ঠত উপস্থিত হয় নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়াম আৰু তেওঁ সতীৰ্থ। পিছে এই সমগ্ৰ অভিযানৰ আঁৰত এগৰাকী অসমীয়া ব্যক্তিৰ নাম পোহৰলৈ আহিছে। তেওঁৰ নাম ভৱানী শৰ্মা।

barasha-sarma
Barasha Sarma | Published: 20 Mar 2025 14:14 PM
৮ দিনৰ অভিযানৰ বাবে মহাকাশলৈ যোৱা সুনীতা উইলিয়ামছ আৰু বুচ উইলম'ৰ ৯মাহৰ অন্তত পৃথিৱীলৈ উভতে। কাৰিকৰী বিজুতিৰ বাবে ৯ মাহ মহাকাশত কটোৱাৰ অন্তত ১৯ মাৰ্চৰ দিনা ভাৰতীয় সময় অনুসৰি পুৱা ৩ বাজি ২৭ মিনিট পৃথিৱীপৃষ্ঠত উপস্থিত হয় মহাকাশচাৰীসকল।

1 / 5
ইলন মাস্কৰ SpaceXৰ ড্ৰেগন মহাকাশযান সৈতে এই মহাকাশচাৰীসকল পৃথিৱীত উপস্থিত হৈছিল। এই মহাকাশযানখন  ফ্ল’ৰিডাৰ আটলাণ্টিক মহাসাগৰত অৱতৰণ কৰিছিল। এই যাত্ৰা সহজ নাছিল, বাৰে বাৰে দুই মহাকাশচাৰীক উভতাই আনিবলৈ বিফল হৈছিল নাছা। কিন্তু বহু প্ৰচেষ্টাৰ অন্তত বুধবাৰে এই মহাকাশচাৰীসকল উভতিবলৈ সক্ষম হয়।

2 / 5
সুনীতাৰ এই যাত্ৰা সহজ নাছিল। প্ৰতিটো বাটতে আছিল বিপদ। তথ্য অনুসৰি পৃথিৱীৰ বায়ুমণ্ডলত মহাকাশযান প্ৰৱেশৰ সময়ত যদি এংগল পৰিবৰ্তন হয় তেন্তে ই ছেকেণ্ডতে ভষ্ম হৈ যাব পাৰে। এই সময়চোৱাত মহাকাশযানখনৰ গতিবেগ আছিল প্ৰতি ঘন্টাত ২৮,০০০ কিলোমিটাৰ।

3 / 5
সুনীতাৰ এই সফলতাত বিশ্ববাসী গৌৰৱান্বিত। পিছে এই অভিযানত নাম সাঙোৰ খাইছে এজন অসমীয়াৰ। কিয়নো ইলন মাস্কৰ SpaceXত কৰ্মৰত এগৰাকী অসম সন্তান।

4 / 5
SPACE X ত কৰ্মৰত অসম সন্তানগৰাকীৰ নাম ভৱানী ভি শৰ্মা।  দৰং জিলাৰ ছিপাঝাৰৰ হাজৰিকাপাৰা গাঁৱত ঘৰ তেওঁৰ। বৰ্তমানো SPACE Xত কৰ্মৰত হৈ আছে তেওঁ। যাৰ বাবে সুনীতাৰ দুঃসাহসিক অভিযানৰ সাক্ষী হৈ ৰ'ল অসম সন্তান ভৱানী ভি শৰ্মা। যাৰ বাবে ভৱানী শৰ্মাৰ পৰিয়ালৰ লগতে গৌৰৱান্বিত প্ৰতিগৰাকী অসমীয়া।

5 / 5