শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গৌৰৱ পত্নীৰ কি সম্পৰ্ক? পাকিস্তানী নাগৰিক আলী তাকিৰ শ্বেখৰ বিৰুদ্ধে CID ৰ গোচৰ…

দীৰ্ঘদিন ধৰি চলা বিতৰ্কৰ অন্তত পাকিস্তানী নাগৰিক আলী তৌকীৰ শ্বেখৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ৰুজু কৰিলে গোচৰ। সামাজিক মাধ্যমৰ জৰিয়তে এই কথা স্পষ্ট কৰে হিমন্ত বিশ্ব শৰ্মাই।

barasha-sarma
Barasha Sarma | Published: 17 Feb 2025 14:46 PM
অসম কেবিনেটৰ সিদ্ধান্তৰ পাছতে পাকিস্তানী নাগৰিক আলী তৌকিৰ শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে অসম আৰক্ষীয়ে।  এই গোচৰৰ তদন্ত কৰিবলৈ ইতিমধ্যে ৫ জনীয়া বিশেষ তদন্তকাৰী গোট গঠন কৰা হৈছে।

1 / 5
এই সন্দৰ্ভত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখে যে, কেবিনেটৰ সিদ্ধান্ত অনুসৰি অসম আৰক্ষীয়ে এফআইআৰ দাখিল কৰিছে।আলী তৌকিৰ শ্বেখ আৰু অজ্ঞাত লোকৰ বিৰুদ্ধে চিআইডি পিএছ কেছ নং ০৫/২০২৫ ইউ/এছ ৪৮/১৫২/৬১/১৯৭(১) বিএনএছ, ২০২৩ আৰডব্লিউ ছেক.১৩(১) ইউএ(পি) এক্ট হিচাপে পঞ্জীয়ন কৰা হৈছে।

2 / 5
উল্লেখ্য যে,এই  সমগ্ৰ তদন্তত নাম সাঙুৰ খাব পাৰে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈৰ। অভিযোগ অনুসৰি পাকিস্তানী আলী শ্বেখৰ সৈতে এলিজাবেথৰ আছে যোগসূত্ৰ। ইয়াৰোপৰি আই এছ আইৰ সৈতে সম্পৰ্ক থকা বুলিও এলিজাবেথৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে।

3 / 5
আলী তৌকিৰ শ্বেখ পাকিস্তানৰ পৰিকল্পনা আয়োগৰ অন্যতম উপদেষ্টা। পাক চোৰাংচোৱা সংস্থা ISIৰ সৈতেও ঘনিষ্ঠ সম্পৰ্ক আলী তাকিৰ শ্বেখৰ। এইগৰাকী পাকিস্তানী নাগৰিকৰ লীড নামৰ এটা এনজিঅ'ত  কাম কৰিছিল এলিজাবেথ গগৈয়ে। লীড অধীনৰ প্ৰকল্প  CDKNৰ সমন্বয়ক আছিল এলিজাবেথ।

4 / 5
উল্লেখ্য যে, যোৱা কেইটামান দিন ধৰি গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰি আহিছে মুখ্যমন্ত্ৰীয়ে। গতিকে এই তদন্তত আৰক্ষীয়ে ভাৰতত আলী শ্বেখৰ নেটৱৰ্ক, তেওঁক সহযোগ কৰা ব্যক্তি, সংগঠন, ভাৰতৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্ব সন্দৰ্ভত আহিব পৰা ভাবুকি আদি বিষয়সমূহৰ চালিজাৰি চাব।

5 / 5