30 Jan 2025 08:59 AM
অসম আৰক্ষীৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰিলে হৰমীত সিঙে। বুধবাৰে সিঙক এই দায়িত্ব প্ৰদান কৰে আই পি এছ বিষয়া তথা অসম আৰক্ষীৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। ১৯৯২ চনৰ অসম- মেঘালয় কেডাৰৰ আই পি এছ বিষয়া হৰমীত সিং।
১৯৯৮ চনত তেওঁ অসমৰ পৰা ডেপ্যুটেছনত দিল্লীলৈ গৈছিল। সেই সময়ত নগাঁৱত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আছিল হৰমীত সিং। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত কেইবাবছৰ কাম কৰা সিঙে ইন্টেলিজেন্স ব্যুৰ'তো কাম কৰিছিল।
ইয়াৰ পাছত তেওঁ ২০১৭ চনত পুনৰ অসমলৈ ঘূৰি আহিছিল। জ্যেষ্ঠ আই পি এছ বিষয়াগৰাকী গুৱাহাটী আৰক্ষী আয়ুক্ত হিচাপেও কৰ্মৰত আছিল। ইয়াৰোপৰি তেওঁ SDGP হিচাপেও দায়িত্ব পালন কৰিছিল। সুদীৰ্ঘ দিন ধৰি অসমৰ হৈ সেৱা আগবঢ়োৱাৰ অন্তত এইগৰাকী বিষয়াই পালে DGP ৰ পদ।
উল্লেখ্য যে, সুদীৰ্ঘ ৩৪ বছৰ অসম আৰক্ষীত সেৱা আগবঢ়াই অসম ত্যাগ কৰিলে জি পি সিঙে। বুধবাৰৰ দিনটো জি পি সিঙৰ বাবে অসম আৰক্ষীত আছিল শেষৰটো দিন। এই উপলক্ষে কালি ডিজিপিগৰাকীক বিদায় সম্ভাষণ জনোৱা হয়। মুঠ ৮টাকৈ প্লাটোনে তেওঁক জনাই সন্মান।
অসমত কা বিৰোধী আন্দোলনে ভয়ংকৰ ৰূপ লোৱাৰ সময়ত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰিছিল সিঙে। তেওঁৰ নেতৃত্বত সুদীৰ্ঘ দুটা বছৰ অসম আৰক্ষীত দেখা যায় ডাঙৰ পৰিবৰ্তন। যাৰ বাবে বিদায়ৰ সময়ত এই দায়িত্ব প্ৰদান কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে।