Assam: বিদ্যালয়ৰ পাঠদানক লৈ পুনৰ নতুন নিৰ্দেশনা প্ৰশাসনৰ... | Assam school start regular timing from 1 oct kamrup assam Assam news - Assam Tv9

Assam: বিদ্যালয়ৰ পাঠদানক লৈ পুনৰ নতুন নিৰ্দেশনা প্ৰশাসনৰ…

Published: 

29 Sep 2024 16:00 PM

Assam: উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে ৰাজ্যৰ কেইবাখন জিলাৰ শিক্ষানুষ্ঠানৰ পাঠদানৰ সময় সলনি কৰিছিল। সেই অনুসৰি পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছিল পাঠদান। কিন্তু বিদ্যালয়ক লৈ পুনৰ প্ৰশাসনে জাৰি কৰিছে নতুন নিৰ্দেশনা।

1 / 5ৰাজ্যৰ বিদ্যালয়সমূহলৈ পুনৰ প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা। যোৱা কেইটামান দিনত ৰাজ্যত প্ৰচণ্ড গৰম হোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিভাগীয় কৰ্তৃপক্ষই ৰাজ্যৰ প্ৰায় সকলো বিদ্যালয়ৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল। সেই অনুসৰি বিদ্যালয়ৰ পাঠদানৰ কাৰ্যসূচী সলনি কৰা হৈছিল।

ৰাজ্যৰ বিদ্যালয়সমূহলৈ পুনৰ প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা। যোৱা কেইটামান দিনত ৰাজ্যত প্ৰচণ্ড গৰম হোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিভাগীয় কৰ্তৃপক্ষই ৰাজ্যৰ প্ৰায় সকলো বিদ্যালয়ৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল। সেই অনুসৰি বিদ্যালয়ৰ পাঠদানৰ কাৰ্যসূচী সলনি কৰা হৈছিল।

2 / 5

পুৰণি নিৰ্দেশনাত কোৱা হৈছিল যে প্ৰচণ্ড গৰমৰ বাবে বিদ্যালয় পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈ ১২.৩০ বজাত শেষ হ'ব। ইয়াৰ কেইদিনমান পাছত কামৰূপ(ম) ৰ সকলো শিক্ষানুষ্ঠান ৪ দিনৰ বন্ধ ঘোষণা কৰিছিল। কিন্তু বতৰ কিছু সাধাৰণ অৱস্থালৈ অহাৰ পাছত এই নিৰ্দেশনা বাতিল কৰা হৈছিল।

3 / 5

২৭ ছেপ্টেম্বৰত পুনৰ এক নিৰ্দেশনা জাৰি কৰে অসম সৰ্বশিক্ষা অভিযান অসমৰ, বিভাগীয় কৰ্তৃপক্ষই। নিৰ্দেশনাত কোৱা হৈছে যে কামৰূপ (ম)ৰ বিদ্যালৰ বাবে ২০ ছেপ্টেম্বৰত জাৰি কৰা নিৰ্দেশনা বাতিল কৰা হৈছে। গতিকে ১ অক্টোবৰৰ পৰা পূৰ্বৰ নিৰ্ধাৰিত সময় অনুসৰিয়ে আৰম্ভ হ'ব পাঠদান।

4 / 5

উল্লেখ্য যে, যোৱা কেইটামান দিনত অসমৰ তাপমাত্ৰ যথেষ্ঠ বৃদ্ধি পাইছিল। কেইবাখন বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী অসুস্থ হৈ পৰাৰ লগতে কেইবাজনলোকৰ মৃত্যুও হৈছিল। গৰমৰ প্ৰকোপত এক প্ৰকাৰ ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা হৈ পৰিছিল।

5 / 5

বৰ্তমান স্বাভাৱিক অৱস্থালৈ আহিছে বতৰ। ৰাজ্যৰ বহু প্ৰান্তত ধাৰাসাৰ বৰষুণৰ লগতে কিছু প্ৰান্তত পাতলীয়া বৰষুণ হোৱা দেখা গৈছে। যাৰ বাবে বিদ্যালয়ৰ ক্ষেত্ৰত পূৰ্বে জাৰি কৰা নিৰ্দেশনা বাতিল কৰা হৈছে।

নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন
কমেডি ষ্টাৰ গোবিন্দাৰ সেইসমূহ ছবি, যিবোৰৰ নিৰ্মাণ এতিয়ালৈ সম্পূৰ্ণ নহ'ল...
নৱবৰ্ষত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'বনৰজা'।
Beharbari Outpost:বেহাৰবাৰী আউটপোষ্টত পুনৰ দেখিব কে কে আৰু মোহনক