5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

টেট পৰীক্ষাত গণিত বিষয় অন্তৰ্ভুক্তি, পৰীক্ষাৰ্থীলৈ বিশেষ বাৰ্তা ৰনোজ পেগুৰ…

Assam Tet: কিছুদিন পাছতে ৰাজ্যত অনুষ্ঠিত হ'ব টেট পৰীক্ষা। ইতিমধ্যে ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থী সাজু হৈছে টেট পৰীক্ষাক লৈ। কিছুদিন পূৰ্বে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে ঘোষণা কৰিছিল যে এইবাৰ টেটত গণিত বিষয়টো অন্তৰ্ভুক্ত কৰা হ'ব। ইয়াৰ পাছত আজি পুনৰ পৰীক্ষাৰ্থী সকললৈ অভয়বাণী প্ৰেৰণ কৰে পেগুয়ে।

barasha-sarma
Barasha Sarma | Published: 25 Dec 2024 12:17 PM
কিছুদিন পাছতেই ৰাজ্যত অনুষ্ঠিত হ'ব টেট পৰীক্ষা (Assam TET)। পূৰ্বতে ২৯ ডিচেম্বৰত  স্নাতক আৰু স্নাতকোত্তৰ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হোৱা কথা আছিল যদিও শেহতীয়াকৈ ইয়াৰ তাৰিখ সলনি কৰা হৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে টেট পৰীক্ষা ১৫ দিন পিছুৱাই দিয়াৰ নিৰ্দেশনা জাৰি কৰিছিল। এই নিৰ্দেশনাৰ পাছতেই TET ৰ নতুন সময়সূচী প্ৰকাশ কৰিছিল অসম মাধ্যমিক শিক্ষা সঞ্চালকে ।

1 / 5
নতুন সময়সূচী অনুসৰি স্নাতক আৰু স্নাতকোত্তৰ টেটৰ লিখিত পৰীক্ষা অহা ১৯ জানুৱাৰীত অনুষ্ঠিত হ'ব। মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালকে নিৰ্দেশনাত এয়াও উল্লেখ কৰে যে টেট পৰীক্ষাৰ প্ৰৱেশ পত্ৰ ৩ জানুৱাৰীত অনুষ্ঠিত হ'ব। গতিকে বিভাগীয় ৱেবচাইটৰ দ্বাৰা শিক্ষাৰ্থীয়ে এয়া ডাউনলোড কৰিব পাৰিব।

2 / 5
কেৱল ইমানেই নহয়, পৰীক্ষালৈ কেইটামান দিন বাকী থকা অৱস্থাত টেট পৰীক্ষাত এক নতুন পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰে।  নতুন সিদ্ধান্ত অনুসৰি এইবাৰ টেটত থাকিব গণিতৰ প্ৰশ্ন। চৰকাৰৰ এই সিদ্ধান্তৰ পাছতেই সৰগ ভাগি পৰে পৰীক্ষাৰ্থীসকলৰ ওপৰত। কিয়নো ইমান দিনে তেওঁলোকে চলোৱা নাছিল গণিত বিষয়ৰ প্ৰস্তুতি।

3 / 5
এই খবৰ পোহৰলৈ অহাৰ পাছতেই একাংশই ইয়াৰ বিৰোধিতা কৰে। আছুৰ সভাপতি উৎপল শৰ্মাই কয় যে,চৰকাৰৰ সিদ্ধান্তই  প্ৰাৰ্থীসকলক হতাশাৰ মাজলৈ ঠেলি দিছে। ইমান কম সময়ৰ ভিতৰত এটা নতুন বিষয় সন্নিৱিষ্ট কৰি পৰীক্ষাত অৱতীৰ্ণ  হ’বলৈ হঠাৎ জাৰি কৰা জাননীখনে বহুদিন ধৰি প্ৰস্তুতি চলাই থকা প্ৰাৰ্থীসকলক  বিপাঙত পেলাইছে।

4 / 5
এই সমগ্ৰ ঘটনাৰাজিৰ পাছত আজি এই সন্দৰ্ভত মন্তব্য প্ৰদান কৰে শিক্ষামন্ত্ৰী ৰনোজ পেগুয়ে। তেওঁ কয় যে, প্ৰাৰ্থীসকলে চিন্তা কৰাৰ প্ৰয়োজন নাই। কিয়নো টেট পৰীক্ষাত গণিত বিষয়ৰ মাত্ৰ ১৫ নম্বৰৰহে প্ৰশ্ন থাকিব। এই সকলো প্ৰশ্ন দশম শ্ৰেণীৰ পৰ্যায়ৰ হ'ব। যদি স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ প্ৰাৰ্থীয়ে দশম শ্ৰেণীৰ পৰ্যায়ৰ গণিতৰ প্ৰশ্নক লৈ ভয় কৰে তেন্তে লৰা ছোৱালীক কেনেকৈ শিক্ষাদান কৰিব বুলি প্ৰশ্ন শিক্ষামন্ত্ৰীগৰাকীৰ।

5 / 5
Latest Stories