এই সমগ্ৰ ঘটনাৰাজিৰ পাছত আজি এই সন্দৰ্ভত মন্তব্য প্ৰদান কৰে শিক্ষামন্ত্ৰী ৰনোজ পেগুয়ে। তেওঁ কয় যে, প্ৰাৰ্থীসকলে চিন্তা কৰাৰ প্ৰয়োজন নাই। কিয়নো টেট পৰীক্ষাত গণিত বিষয়ৰ মাত্ৰ ১৫ নম্বৰৰহে প্ৰশ্ন থাকিব। এই সকলো প্ৰশ্ন দশম শ্ৰেণীৰ পৰ্যায়ৰ হ'ব। যদি স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ প্ৰাৰ্থীয়ে দশম শ্ৰেণীৰ পৰ্যায়ৰ গণিতৰ প্ৰশ্নক লৈ ভয় কৰে তেন্তে লৰা ছোৱালীক কেনেকৈ শিক্ষাদান কৰিব বুলি প্ৰশ্ন শিক্ষামন্ত্ৰীগৰাকীৰ।