Assam weather:বৰষুণ অহাৰ নাই সম্ভাৱণা, আগন্তুক কিমান দিনলৈ গৰমে দহিব ৰাজ্যবাসীক? | assam weather heat wave in assam nect 5 days weather know in assam Assam news - Assam Tv9

Assam weather:বৰষুণ অহাৰ নাই সম্ভাৱণা, আগন্তুক কিমান দিনলৈ গৰমে দহিব ৰাজ্যবাসীক?

Published: 

18 Sep 2024 18:10 PM

Assam weather: প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। বিগত কেইটামান দিন ধৰি গৰমে জ্বলা- কলা খুৱাইছে ৰাইজক। অহা কেইটামান দিনত অসমত তাপমান ৪০ ডিগ্ৰী পৰ্যন্ত হটব পাৰে। কেতিয়ালৈকে থাকিব এই গৰম, কি কিয় বতৰ বিজ্ঞানে জানক।

1 / 5প্ৰচণ্ড

প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। বিগত কেইটামান দিন ধৰি গৰমৰ মাত্ৰা ইমানেই বাঢ়িছে যে ঘৰৰ পৰা ওলাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। আজিৰ দিনটোত সৰ্বাধিক তাপমাত্ৰা আছিল ৩৪ ডিগ্ৰী ছেলচিয়াচ। ৰাজ্যবাসীয়ে বৰষুণৰ অপেক্ষা কৰি আছে যদিও এতিয়ালৈকে বৰষুণ অহা নাই।

2 / 5

আগন্তুক কেইটামান দিন বৰষুণ অহাৰ কোনো সম্ভাৱণা নাই। গতিকে প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ বাবে সাজু হওক ৰাজ্যবাসী। অহা ১০-১২ দিনলৈ মিনি হিট ৱেভ। অসমৰ বিভিন্ন প্ৰান্তত অহা ৪-৫ দিনত পৰিব প্ৰচণ্ড গৰম।

3 / 5

আগন্তুক দেওবাৰে গৰমে অভিলেখ ৰচিব পাৰে। এই দিনটোত অসমৰ বিভিন্ন ঠাইত সৰ্বাধিক তাপমান ৪০ ডিগ্ৰী ছেলচিয়াছৰ দৰে অনুভৱ হ'ব পাৰে। অহা ২৭- ২৮ ছেপ্টেম্বৰ পৰ্যন্ত বৰষুণ অহাৰ সম্ভাৱণা কম। বৰষুণ কম হোৱা বাবে আহিব গ্ৰীষ্ম প্ৰবাহ।

4 / 5

গতিকে অহা কেইটামান দিন প্ৰচণ্ড গৰমৰ সন্মুখীন হ'ব লাগিব ৰাজ্যবাসী। এই কেইদিন তাপমান ৩৫ ডিগ্ৰীৰ ওপৰত হোৱাৰ সম্ভাৱণা আছে। এইকেইদিন বৰষুণ অহাৰ কোনো সম্ভাৱণা নাই।

5 / 5

সাধাৰণতে আহিন মাহত শেৱালী ফুলে, কুৱলী পৰে, শৰতৰ আগমন ঘটে। কিন্তু এইবাৰ শৰতৰ আগমণৰ কোনো লক্ষণ নাই। জলবায়ু পৰিবৰ্তনে সকলো সলনি কৰি পেলাইছে। এইবাৰ আহিনৰ মাহৰ কুৱলীত পৰা শেৱালীৰ গোন্ধৰ সলনি গৰমেহে দহিব পাৰে ৰাইজক। এনে অৱস্থাত সকলো সতৰ্ক হৈ থকা ভাল।

Follow Us On
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version