School closed: উৎকট গৰম! বন্ধ ঘোষণা গুৱাহাটীৰ চৰকাৰী- বেচৰকাৰী সকলো শিক্ষানুষ্ঠান | assam weather heatwave school closed kamrup m next 4 days assam Assam news - Assam Tv9

School closed: উৎকট গৰম! বন্ধ ঘোষণা গুৱাহাটীৰ চৰকাৰী- বেচৰকাৰী সকলো শিক্ষানুষ্ঠান

Published: 

23 Sep 2024 17:24 PM

Guwahati school closed: উৎকট গৰমে দহিছে ৰাজ্য। বিগত কেইটামান দিন ধৰি গৰমে জ্বলা- কলা খুৱাইছে জনতাক। যাৰ বাবে বিদ্যালয় বন্ধৰ ঘোষণা কৰিছে প্ৰশাসনে। অৱশ্যে এই ঘোষণাৰ পাছতেই গুৱাহাটীত বৰষুণ আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে।

1 / 5দেওবাৰে

দেওবাৰে ৰাজ্যৰ কোনো কোনো অংশত পাতলীয়া বৰষুণ হোৱাৰ বিপৰীতে গুৱাহাটীকে ধৰি বিভিন্ন ঠাইত গৰমে জ্বলা-কলা খুৱাইছিল ৰাইজক ।

2 / 5

গৰমৰ মাজতে আজি গুৱাহাটীত হৈছে ধাৰাসাৰ বৰষুণ। এই বৰষুণৰ পাছত যথেষ্ঠ সকাহ পাইছে গুৱাহাটীবাসীয়ে। বহুদিন ধৰি অপেক্ষা কৰি থকাৰ পাছত অহা এই ধাৰাসাৰ বৰষুণৰ পাছতেই এতিয়া স্বস্তিৰ নিশ্বাস পেলাইছে গুৱাহাটীবাসীয়ে। কিন্তু ইয়াৰ মাজতে গুৱাহাটীৰ শিক্ষানুষ্ঠান সমূহলৈ জাৰি হৈছে এক ডাঙৰ নিৰ্দেশনা।

3 / 5

কামৰূপ (ম) প্ৰশাসনে ৪ দিনৰ বাবে বিদ্যালয় বন্ধৰ ঘোষণা কৰিছে। ২৩ ছেপ্টেম্বৰত জাৰি কৰিছে এই নিৰ্দেশনা। ২৪ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টেম্বৰলৈ বন্ধ থাকিব চৰকাৰী- বেচৰকাৰী সমূহ শিক্ষানুষ্ঠান। উল্লেখ কৰা প্ৰয়োজন যে বিগত কেইটামান দিনত প্ৰায় ৬ জনলোকে প্ৰাণ হেৰুৱাইছে।

4 / 5

যোৱা কেইদিনমানৰ পৰা পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছিল বিদ্যালয়ৰ পাঠদান। বৰ্তমান প্ৰায় সংখ্যক বিদ্যালয়তে ছয়মহীয়া পৰীক্ষা অনুষ্ঠিত হৈ আছে। গতিকে এনে ক্ষেত্ৰত বিদ্যালয় প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সময়ত জানিব পৰা যাব। বহু বিদ্যালয়ৰ পিছ বেলাৰ পৰীক্ষা পাছত অনুষ্ঠিত কৰাৰো একাংশ বিদ্যালয় কৰ্তৃপক্ষই সিদ্ধান্ত গ্ৰহণ কৰিছে।

5 / 5

মন কৰিবলগীয়া যে বিদ্যালয় বন্ধ ঘোষণা কৰাৰ কিছু সময় পাছতেই গুৱাহাটীত বতৰ সলনি হয়। বিভিন্ন ঠাইত ধাৰাসাৰ বৰষুণৰ লগতে বিজুলী, ঢেৰেকনিও হয়। আজি বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা তথ্য অনুসৰি আগন্তুক ৭ দিনত গুৱাহাটীত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱণা থাকিলেও সৰ্বাধিত তাপমাত্ৰা ৩৭ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত থাকিব পাৰে।

Follow Us On
ভাত কেৰালাত সৰ্বাধিক কি ভিটামিন থাকে? ইয়াৰ উপকাৰীতাৰ বিষয়ে জানক
ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ পানীয় অধিক উপকাৰী, জানক সবিশেষ...
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
Exit mobile version