5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam weather: আগন্তুক ৭ দিনত কি হ’ব বতৰ? প্ৰচণ্ড ৰ’দ নে বৰষুণ, জানক…

Assam weather next 7 days: প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। সমগ্ৰ ৰাজ্যবাসীয়ে এই সময়ত অপেক্ষা কৰি আছে এজাক বৰষুণৰ বাবে। ৰ'দৰ প্ৰকোপ ইমানেই বৃদ্ধি পাইছে যে খেতি- পথাৰত পানীৰ অভাৱত ধান অন্য খেতি আদি শুকাই গৈছে। গতিকে প্ৰশ্ন হৈছে বৰষুণ আহিব কেতিয়া? এই ক্ষেত্ৰত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে তথ্য।

barasha-sarma
Barasha Sarma | Updated On: 23 Sep 2024 15:48 PM
প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। দেওবাৰে কোনো কোনো অংশত পাতলীয়া বৰষুণ হোৱাৰ বিপৰীতে গুৱাহাটীকে ধৰি বিভিন্ন ঠাইত গৰমে জ্বলা-কলা খুৱাইছে জনতাক। এক প্ৰকাৰৰ ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। ২২ ছেপ্টেম্বৰত গুৱাহাটীত সৰ্বাধিক তাপমাত্ৰা আছিল ৩৭.৯ ডিগ্ৰী চেলচিয়াছ। ২১ ছেপ্টেম্বৰত আছিল ৩৮.২ ডিগ্ৰী চেলচিয়াছ।

1 / 5
ইয়াৰ মাজতে গুৱাহাটীৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে জাননী। আগন্তুক ৭ দিনৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই এই বতৰৰ ভৱিষ্যতবাণী জাৰি কৰিছে। সেই অনুসৰি অহা ৭ দিনত আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে কিছু কিছু ঠাইত বৰষুণ অহাৰ সম্ভাৱণা আছে। অসমৰ বিভিন্ন জিলাত পাতলীয়াৰ মধ্যমীয়া বৰষুণ অহাৰ সম্ভাৱণা আছে।

2 / 5
জাৰি কৰা তথ্য অনুসৰি ২৩ ছেপ্টেম্বৰত গুৱাহাটীত গৰম আৰু আকাশ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব।  ২৪ ছেপ্টেম্বৰত আকাশ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু কোনো কোনো ঠাইত পাতল বৰষুণ,বিজুলী- ঢেৰেকনি আহিব পাৰে।  ২৫ ছেপ্টেম্বৰৰ দিনাও আকাশ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু কোনো কোনো ঠাইত পাতল বৰষুণ,বিজুলী- ঢেৰেকনি আহিব পাৰে।

3 / 5
২৬ আৰু ২৭ ছেপ্টেম্বৰতো আকাশ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু কোনো কোনো ঠাইত পাতল বৰষুণ,বিজুলী- ঢেৰেকনি আহিব পাৰে।   অৱশ্যে তাৰ পাছত ৰাজ্যবাসীয়ে কিছু সকাহ পোৱাৰ সম্ভাৱণা আছে।

4 / 5
২৮ ছেপ্টেম্বৰত বৰষুণ আৰু বিজুলী-ঢেৰেকনি অহাৰ লগতে ২৯ ছেপ্টেম্বৰতো বৰষুণ আৰু বিজুলী ঢেৰেকনি আহিব পাৰে বুলি কৈছে বতৰ বিজ্ঞান কেন্দ্ৰই। এই তথ্যৰ ওপৰত ভিত্তি কৰি অনুমান  লগাব পাৰিব যে ২৭ তাৰিখৰ পাছতে জনতাই গৰমৰ পৰা কিছু সকাহ পাব। এই কেইটা দিনত গুৱাহাটীত  সৰ্বাধিক তাপমাত্ৰা ৩৭ ডিগ্ৰী চেলচিয়াছ।

5 / 5
Follow Us
Latest Stories