Assam weather: বতৰে ম্লান পেলাব নেকি উৎসৱৰ আনন্দ? জানক দেৱালীৰ দিনা কি হ'ব অসমৰ বতৰ... | assam weather on diwali 31 st oct rainfall in guwahati weather forecast assam Assam news - Assam Tv9

Assam weather: বতৰে ম্লান পেলাব নেকি উৎসৱৰ আনন্দ? জানক দেৱালীৰ দিনা কি হ’ব অসমৰ বতৰ…

Published: 

31 Oct 2024 10:04 AM

Assam weather on diwali: আজি সমগ্ৰ দেশে পালন কৰিব দীপাৱলী। প্ৰতিকূল বতৰকো নেওচি দীপাৱলী উদযাপন কৰিবলৈ সাজু হৈছে ৰাজ্য়বাসী। আজিৰ দিনটোত কেনে হ'ব বতৰ, হ'ব নেকি ধাৰাসাৰ বৰষুণ? এই সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰই দিছে বতৰৰ আগজাননী।

1 / 5আজি

আজি সমগ্ৰ দেশে পালন কৰিব পোহৰৰ উৎসৱ দীপাৱলী। সমাজৰ পৰা অশুভ শক্তি নাশ কৰি শান্তি- সম্প্ৰীতি, একতাৰ বাৰ্তা কঢ়িয়াই সমগ্ৰ দেশবাসীয়ে পালন কৰিব পোহৰৰ এই উৎসৱ। আজি প্ৰতিঘৰতে জ্বলি উঠিব নানাৰঙী লাইট, মাটিৰ চাকি। ফটকা, আতচবাজীৰে শব্দৰে ৰজনজনাই উঠিব আকাশ বতাহ।

2 / 5

কিন্তু বুধবাৰৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা বৰষুণে দেৱালীৰ আনন্দ যেন কিছু ম্লান পেলাব। কালিৰ দিনটোত গুৱাহাটী, নলবাৰী, ৰঙিয়া, যোৰহাট, গোলাঘাট আদি বিভিন্ন স্থানত বৰষুণ হোৱা পৰিলক্ষিত হয়। অসমৰ প্ৰায়ভাগ জিলাতেই কালি বৰষুণ হয়। বৰষুণক লৈ কিছু চিন্তাত পৰিছে ৰাজ্যবাসী।

3 / 5

আজিও পুৱাৰ পৰা গুৱাহাটী, নলবাৰী, ৰঙিয়া, বৰপেটা, যোৰহাট, গোলাঘাট আজি স্থানত বৰষুণ হোৱাৰ পৰিলক্ষিত হৈছে। উৎসৱমুখৰ পৰিৱেশৰ মাজতেই বৰষুণে কিছু ম্লান কৰিছে দেৱালীৰ আনন্দ। বতৰ বিজ্ঞানৰ তথ্য অনুসৰি আজি অসমৰ প্ৰায়ভাগ ঠাইতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

4 / 5

আজি উজনি অসমৰ ভিন্নপ্ৰান্তত দিনৰ ভাগত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ যোৰহাট, গোলাঘাট, শিৱসাগৰ. ডিব্ৰুগড় আদি স্থানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বৰষুণৰ লগতে এই ঠাইসমূহত কিছু পৰিমাণে বিজুলী-ঢেৰেকনী আহিব পাৰে।

5 / 5

নিশালৈ বঙাইগাঁও, বৰপেটা, ৰঙিয়া, দৰং, ওদালগুৰি আদি স্থানত কিছু কিছু বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে পুৱাৰ পৰা নলবাৰী, ৰঙিয়া, গুৱাহাটীত বৰষুণ আৰম্ভ হৈছে। মাজে মাজে বৰষুণ কমাৰ সম্ভাৱনা আছে যদিও এইসমূহ স্থানত বৰষুণ থাকিব। ইয়াৰোপৰি চিৰাং. বৰপেটা আদি ঠাইত নিশাৰ ভাগলৈ বৰষুণ অহাৰ সম্ভাৱনা আছে।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?