Assam Weather: ৰাজ্যত ধাৰাসাৰ বৰষুণ, কৃত্ৰিম বানত বুৰিল মহানগৰী, সতৰ্কবাণী জাৰি বতৰ বিজ্ঞান বিভাগৰ | Assam weather update for 22th april rainfall Thunderstorms with surface wind in 24 district guwahati artificial flood Assam news - Assam Tv9

Assam Weather: ৰাজ্যত ধাৰাসাৰ বৰষুণ, কৃত্ৰিম বানত বুৰিল মহানগৰী, বিভিন্ন জিলালৈ সতৰ্কবাণী জাৰি বতৰ বিজ্ঞান বিভাগৰ

Updated On: 

22 Apr 2025 11:52 AM

ৰাজ্যত চৌদিশে আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ। নিশাৰে পৰা মহানগৰীত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাটাও অঞ্চল প্লাবিত হৈ পৰিছে। যাৰ ফলত জনতাৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।

1 / 5নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীত পুনৰ সৃষ্টি হৈছে কৃত্ৰিম বান। মহানগৰীৰ বিভিন্ন প্ৰান্তত একাঠু, একঁকাল পৰ্যন্ত পানী । পানীত বুৰ গৈছে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। যাৰ ফলত জনতাৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।

নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীত পুনৰ সৃষ্টি হৈছে কৃত্ৰিম বান। মহানগৰীৰ বিভিন্ন প্ৰান্তত একাঠু, একঁকাল পৰ্যন্ত পানী । পানীত বুৰ গৈছে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। যাৰ ফলত জনতাৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।

2 / 5

আঠ মাইল, ন মাইল, দহ মাইল আৰু যোৰাবাটৰ উৰণীয়া সেঁতুৰ তলত ভয়াবহ বান পৰিস্থিতি। ব্যাহত হৈ পৰিছে উজনিলৈ যাত্ৰা। যোৰবাটত আৱদ্ধ হৈ আছে শ শ যাত্ৰী।

3 / 5

ইফালে ৰাজ্যত ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা অহাৰ আশংকা। ২৪খনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

4 / 5

গোৱালপাৰা, বৰপেটা, নলবাৰী, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, লখিমপুৰ আৰু মাজুলী জিলা আজি Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

5 / 5

লগতে কামৰূপ(মহানগৰ), মৰিগাঁও, দক্ষিণ শালমাৰা, কামৰূপ, যোৰহাট, শিৱসাগৰ, পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, গোলাঘাট আজি Yellow Alert জাৰি কৰা হৈছে ।

Chetan Bhagat: IIT আৰু IIM ৰ পৰা ডিগ্ৰীধাৰী চেতন ভগত কেনেকৈ হ'ল লেখক?
কোনবোৰ বস্তু খালে বৃক্কত পাথৰ হয়? সবিশেষ জানক
পেটৰ ভিতৰত ঘাঁ হ'লে এইসমূহ লক্ষণে দেখা দিয়ে, জানক সকলো...
চাণক্যৰ মতে এজন ব্যক্তিৰ কি কি গুণে সন্মান বৃদ্ধি কৰে ?