শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Assam Weather Update: সৰস্বতী পূজাত বতৰে দিব নেকি বিধি-পথালি? আগন্তুক ৩ দিনলৈ হ’ব ধুমুহা-বৰষুণ!

Saraswati Puja Weather in Assam: সমাগত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। ৰাজ্যৰ চৌদিশে এতিয়া ব্যাপক উলহ-মালহে বিৰাজ কৰিছে। কিন্তু বতৰে ম্লান পৰিব নেকি সৰস্বতী পূজাৰ আনন্দ? ৰাজ্যৰ কোন কোন জিলাত বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান বিভাগে?

trishna-kalita
Trishna Kalita | Published: 31 Jan 2025 19:09 PM
বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাক ৰাজ্যৰ চৌদিশে এতিয়া উখল-মাখল পৰিৱেশ। ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ব্যস্ততাৰ অন্ত নাই মৃৎ শিল্পীসকলৰো। সৰস্বতীৰ মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল।

1 / 5
পিছে  বতৰে ম্লান পৰিব নেকি সৰস্বতী পূজাৰ আনন্দ? বিগত কিছুদিন ধৰি সলনি হোৱা বতৰে সকলোকে চিন্তাত পেলাইছে। ইয়াৰ মাজতে বতৰ বিজ্ঞান বিভাগে দিলে আগজাননী।

2 / 5
আজি উজনি অসমৰ বিভিন্ন প্ৰান্তত হৈছে পাতলীয়া বৰষুণ। আজি নামনিৰ নলবাৰী, বাক্সাতো হ’ব পাৰে পাতলীয়া বৰষুণ। ঠায়ে ঠায়ে আছে ঘন কুঁৱলী।

3 / 5
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ডাৱৰীয়া হৈ আছে বতৰ। আগন্তুক ৩ দিনলৈকে বৰষুণ-ধুমুহাৰ আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ৰাজ্যৰ কেইবাখনো জিলালৈ জাৰি কৰা হৈছে য়েল্ল’ এলাৰ্ট।

4 / 5
সাগৰ পৃষ্ঠত ১.৫ কিলোমিটাৰ গতিবেগত উৎপত্তি হোৱা ধুমুহাৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যত বৰষুণৰ প্ৰভাৱ পৰিব পাৰে। ২৪ ঘণ্টাৰ ভিতৰত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ কিছু ঠাইত মজলীয়া বৰষুণৰ সম্ভাৱনা আছে ।  লগতে ১ আৰু ২ ফেব্ৰুৱাৰীৰ দিনালৈ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ কিছু ঠাইত মজলীয়া বৰষুণ আৰু কিছু কিছু ঠাইত ঘন কুঁৱলিয়ে আৱৰি ধৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।

5 / 5