অপেক্ষাৰ অন্তত গুৱাহাটীত এজাক বৰষুণ, আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা ? | Assam Weather Updates heavy rain in guwahati Assam news - Assam Tv9

অপেক্ষাৰ অন্তত গুৱাহাটীত এজাক বৰষুণ…আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা ?

Updated On: 

23 Sep 2024 17:49 PM

প্ৰচণ্ড গৰমৰ মাজতে সকাহ পালে গুৱাহাটীবাসীয়ে । ৰাজ্যবাসীয়ে প্ৰচণ্ড গৰম অনুভৱ কৰাৰ সময়তে হঠাতে সলনি হ'ল ৰাজধানী চহৰ গুৱাহাটীৰ বতৰ ।

1 / 8প্ৰচণ্ড

প্ৰচণ্ড গৰমৰ মাজতে সকাহ পালে গুৱাহাটীবাসীয়ে । ৰাজ্যবাসীয়ে প্ৰচণ্ড গৰম অনুভৱ কৰাৰ সময়তে হঠাতে সলনি হ'ল ৰাজধানী চহৰ গুৱাহাটীৰ বতৰ ।

2 / 8

গুৱাহাটীৰ ঠায়ে ঠায়ে হৈছে প্ৰবল ধুমুহা-বৰষুণ । ২২ ছেপ্টেম্বৰত গুৱাহাটীত সৰ্বাধিক তাপমাত্ৰা আছিল ৩৭.৯ ডিগ্ৰী চেলচিয়াছ। ২১ ছেপ্টেম্বৰত আছিল ৩৮.২ ডিগ্ৰী চেলচিয়াছ। কিন্তু আজি আবেলি সম্পূৰ্ণ বিপৰীত দৃশ্য দেখা গ'ল গুৱাহাটীত ।

3 / 8

দেওবাৰে ৰাজ্যৰ কোনো কোনো অংশত পাতলীয়া বৰষুণ হোৱাৰ বিপৰীতে গুৱাহাটীকে ধৰি বিভিন্ন ঠাইত গৰমে জ্বলা-কলা খুৱাইছিল ৰাইজক ।

4 / 8

বতৰৰ সতৰ্কবাণী

5 / 8

২৩ ছেপ্টেম্বৰত গুৱাহাটীত গৰমৰ লগতে আকাশ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব বুলি জাননী জাৰি কৰিছিল বতৰ বিজ্ঞান কেন্দ্ৰই । বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ২৪ ছেপ্টেম্বৰত আকাশ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু কোনো কোনো ঠাইত পাতল বৰষুণ,বিজুলী- ঢেৰেকনি আহিব পাৰে।

6 / 8

অপেক্ষাৰ অন্তত ধাৰাসাৰ বৰষুণৰ অহা পাছতেই এতিয়া স্বস্তিৰ নিশ্বাস পেলাইছে গুৱাহাটীবাসীয়ে।

7 / 8

উৎকট গৰমৰ বাবে ২৪ ছেপ্টেম্বৰ, মঙ্গলবাৰৰ পৰা কামৰূপ মহানগৰ জিলাৰ শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰা হৈছিল । এই কথা সদৰী কৰিছিল কামৰূপ মহানগৰ জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰগৰাকীয়ে । এই কথা ঘোষণা কৰাৰ পাছতে গুৱাহাটীত ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে ।

8 / 8

বৰষুণ অহাৰ পাছত মহানগৰীৰ ঠায়ে ঠায়ে পানী জমা হোৱাৰো খবৰ লাভ কৰা গৈছে । কিন্তু প্ৰচণ্ড গৰমৰ মাজতে অহা বৰষুণ জাকৰ বাবে কিছু সকাহ পাইছে গুৱাহাটীবাসীয়ে ।

Follow Us On
ভাত কেৰালাত সৰ্বাধিক কি ভিটামিন থাকে? ইয়াৰ উপকাৰীতাৰ বিষয়ে জানক
ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ পানীয় অধিক উপকাৰী, জানক সবিশেষ...
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
Exit mobile version