কিতাপৰ বৰ্ষ ২০২৫ঃ গ্ৰন্থপ্ৰেমীসকলৰ বাবে অসম কেবিনেটৰ ডাঙৰ সিদ্ধান্ত... | assam year of reading 2025 himanta biswa cabinet take decision to celebrate kitap barsha 2025 assam Assam news - Assam Tv9

কিতাপৰ বৰ্ষ ২০২৫ঃ গ্ৰন্থপ্ৰেমীসকলৰ বাবে অসম কেবিনেটৰ ডাঙৰ সিদ্ধান্ত…

Published: 

24 Dec 2024 08:15 AM

শীত মানেই গ্ৰন্থমেলাৰ বতৰ। ২৭ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ খানাপাৰত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা। কিন্তু গ্ৰন্থমেলাৰ পূৰ্বে অসম কেবিনেটে গ্ৰন্থপ্ৰেমীসকলৰ বাবে লৈ আনিছে এক ভাল খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে যে ২০২৫ বৰ্ষটি 'কিতাপৰ বৰ্ষ' হিচাপে পালন কৰা হ'ব।

1 / 5শীত মানেই যেন গ্ৰন্থমেলা বতৰ। প্ৰতিবছৰৰ দৰে এইবাৰো গুৱাহাটীত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা।  এইবাৰ আপুনি গ্ৰন্থৰ সুবাস বিচাৰি যাব লাগিব খানাপাৰালৈ। কিয়নো গ্ৰন্থমেলা স্থাপনৰ ক্ষেত্ৰত এইবাৰ স্থান সলনি হৈছে। ২৭ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰী, ২০২৫ লৈ মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত  হ’ব অসম গ্ৰন্থমেলা।

শীত মানেই যেন গ্ৰন্থমেলা বতৰ। প্ৰতিবছৰৰ দৰে এইবাৰো গুৱাহাটীত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা। এইবাৰ আপুনি গ্ৰন্থৰ সুবাস বিচাৰি যাব লাগিব খানাপাৰালৈ। কিয়নো গ্ৰন্থমেলা স্থাপনৰ ক্ষেত্ৰত এইবাৰ স্থান সলনি হৈছে। ২৭ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰী, ২০২৫ লৈ মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা।

2 / 5

গ্ৰন্থমেলাৰ এই বতৰৰ সময়তে গ্ৰন্থপ্ৰেমীসকলৰ বাবে ভাল খবৰ। ২৩ ডিচেম্বৰ, ২০২৪ ত অনুষ্ঠিত হৈ যোৱা ৰাজ্যিক কেবিনেটত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। শৰ্মাই কয় যে, ২০২৫ বৰ্ষটি 'কিতাপৰ বৰ্ষ' হিচাপে উদযাপন কৰা হ'ব। জনসাধাৰণৰ মাজত বিশেষকৈ যুৱ সমাজৰ মাজত পঢ়াৰ অভ্যাস বৃদ্ধি কৰিবলৈ কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি শৰ্মাই কয়।

3 / 5

কেবিনেটত সিদ্ধান্ত লোৱা হয় যে, বছৰটোৰ ভিতৰত ৰাজ্যৰ সকলো জিলাত গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। ইয়াৰ লগতে গ্ৰন্থ অধ্যয়নৰ সংস্কৃতি প্ৰদান কৰা হ'ব। ইয়াৰোপৰি নতুন বছৰৰ উপহাৰ হিচাপে কিতাপ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলি ৰাজ্যিক কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে।

4 / 5

ইয়াৰোপৰি পুঁথিভৰালৰ ক্ষেত্ৰত মন্তব্য প্ৰদান কৰি শৰ্মাই কয় যে, বিভাগসমূহে চৰকাৰী কৰ্মচাৰীসকলৰ মাজত অধ্যয়ম সংস্কৃতিক প্ৰসাৰিত কৰিবলৈ পুঁথিভৰাল নিৰ্মাণ কৰিব লাগে। উল্লেখ্য় যে, ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্তই শিক্ষাৰ্থীসকলৰ লগতে অধ্যয়নৰ লগত জড়িত ক্ষেত্ৰখনত সহায় কৰিব।

5 / 5

মনকৰিবলগীয়া যে, শিশু হওক বা বৃদ্ধ, আজিৰ সময়ত বহুতৰে মাজত গ্ৰন্থ পঢ়াৰ অভ্যাস কমি গৈছে। বিশেষকৈ সামাজিক মাধ্যমৰ প্ৰসাৰে গ্ৰন্থ অধ্যয়নত প্ৰভাৱ পেলাইছে বুলি ক'ব পাৰি। যেতিয়াৰ পৰা সামাজিক মাধ্যমৰ সৈতে মানুহ বেছি জড়িত হৈ পৰিছে তেতিয়াৰ পৰা যেন গ্ৰন্থ পঢ়াৰ অভ্যাস কমি হৈছে। ইয়াৰ মাজতে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত কিমান ফলপ্ৰসূ হয় সেয়া সময়ত জানিব পৰা যাব।

কাইলৈ পবিত্ৰ বৰদিন, জানক সমগ্ৰ বিশ্বতে উদযাপন কৰা বৰদিনৰ আঁৰৰ কাহিনী
সংগীৰ সৈতে প্ৰায়ে হয় নেকি কাজিয়া? তেন্তে কৰক এই উপায়, দূৰ হ'ব সমস্যা..
ভ্ৰমণৰ জৰিয়তে কি কি লাভ হয় জানেনে?
ওজন কমোৱাত সহায় কৰে কমলাই, জানক উপকাৰিতা গুণৰ বিষয়ে...