Zubeen garg: অসমীয়া ভাষাৰ ওপৰত জুবিনৰ জ্ঞান নাই, তেওঁৰ কথা বেদৰ বাণী নহয়ঃ প্ৰশান্ত ফুকন | assam zubeen garg reaction on assamese language mla prasanta phukan slams on zubeen assam Assam news - Assam Tv9

Zubeen garg: অসমীয়া ভাষাৰ ওপৰত জুবিনৰ জ্ঞান নাই, তেওঁৰ কথা বেদৰ বাণী নহয়ঃ প্ৰশান্ত ফুকন

Published: 

04 Nov 2024 14:24 PM

Zubeen garg: পুনৰ বিতৰ্কত সোমাই পৰিছে কণ্ঠশিল্পী জুবিন গাৰ্গ। অসমীয়া ভাষাক ধ্ৰুপদী স্বীকৃতি দিয়াৰ বিৰোধিতা প্ৰকাশ কৰাৰ পাছতেই সমালোচনাৰ সন্মুখীন হৈছে জুবিন। ইয়াৰ মাজতে জুবিন গাৰ্গ সন্দৰ্ভত মন্তব্য প্ৰদান কৰে বিধায়ক প্ৰশান্ত ফুকনে।

1 / 5পুনৰ বিতৰ্কত সোমাই পৰিছে কন্ঠশিল্পী তথা হাৰ্টথ্ৰব জুবিন গাৰ্গ। অসমীয়া ভাষাক লৈ কৰা মন্তব্যৰ পাছতেই জুবিনক একাংশই চোকা সমালোচনা কৰিছে। অসমীয়া ভাষাক ধ্ৰুপদী স্বীকৃতি দিয়া সন্দৰ্ভত জুবিনে কৈছিল- অসমীয়া ভাষা ধ্ৰুপদী ভাষা হ'ব নোৱাৰে। ধ্ৰুপদী ভাষা কেৱল পালি, সংস্কৃত আদিহে।

পুনৰ বিতৰ্কত সোমাই পৰিছে কন্ঠশিল্পী তথা হাৰ্টথ্ৰব জুবিন গাৰ্গ। অসমীয়া ভাষাক লৈ কৰা মন্তব্যৰ পাছতেই জুবিনক একাংশই চোকা সমালোচনা কৰিছে। অসমীয়া ভাষাক ধ্ৰুপদী স্বীকৃতি দিয়া সন্দৰ্ভত জুবিনে কৈছিল- অসমীয়া ভাষা ধ্ৰুপদী ভাষা হ'ব নোৱাৰে। ধ্ৰুপদী ভাষা কেৱল পালি, সংস্কৃত আদিহে।

2 / 5

উল্লেখ্য যে, কিছুদিন পূৰ্বে অসমলৈ আহিছিল এক ভাল খবৰ। অসমৰ অসমীয়া ভাষাই লাভ কৰিছিল ধ্ৰুপদী ভাষাৰ স্বীকৃতি। এই খবৰ প্ৰকাশ হোৱাৰ পাছতেই সমগ্ৰ অসমবাসীৰ মাজত আনন্দৰ জোৱাৰ উঠিছিল যদিও সন্তুষ্ট নাছিল জুবিন গাৰ্গ। তেওঁ কৈছিল-“অসমীয়া ভাষাৰ ২০০ বছৰো হোৱা নাই। ভাৰতত ধ্ৰুপদী ভাষা সংস্কৃতহে। ধ্ৰুপদী ভাষাৰ নাম দিলেই নহ’ব নহয়, অসমীয়া ভাষা বহুত পিছত অহা ভাষা।”

3 / 5

জুবিনৰ এই মন্তব্যৰ পাছতেই একাংশই তেওঁক সমালোচনা কৰিছে। এই সন্দৰ্ভত বিধায়ক প্ৰশান্ত ফুকনে কয় যে, জুবিন কোন হয়। জুবিনৰ কথাই সকলো শুদ্ধ নহয়। জুবিনে তথ্য নোহোৱাকৈ কথা কৈছে। তেওঁৰ কথা বেদৰ বাণী নহয়।

4 / 5

ফুকনে কয়, জুবিনে যি কথা কৈছে এনেই কৈছে। কেইটামান গান গালেই বুলি জুবিনৰ সকলো কথা সঠিক হৈ নাযায়। গান ভাল গাব পাৰে তেওঁ কিন্তু বক্তব্য ভালদৰে দিব নোৱাৰে। ইয়াৰোপৰি অসমীয়া ভাষাৰ ওপৰত জুবিনৰ সম্যক জ্ঞান নাই বুলি কয় বিধায়কগৰাকীয়ে।

5 / 5

দীঘলীপুখুৰীৰ গছ কটা সন্দৰ্ভত বিধায়কগৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে গছ নাকাটে। তাৰ পাছতো গছৰ তলত বহি আছে। এয়া বিৰোধিয়ে জানি বুজি কৰি আছে বুলি কয় তেওঁ। লগতে জুবিনক এনে মন্তব্যৰ পৰা আঁতৰত থাকিবলৈ আহ্বান জনাই বিধায়কগৰাকীয়ে।

ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...
কিয় ছাণ্টাক্লজে কেৱল ৰঙা কাপোৰ পৰিধান কৰে জানেনে, আছে এটা বিশেষ কাৰণ...
পৃথিৱীৰ এই গাঁওখনত ১৮ ফেব্ৰুৱাৰীত পালন কৰা হয় বৰদিন...কিন্তু কিয় ?