অসমৰ জনপ্ৰিয় অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম বৰষা ৰাণী বিষয়া। সামাজিক মাধ্যমত বৰষাৰ আছে বহু অনুৰাগী।
বৰষা ৰাণী বিষয়াই জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ যৌৱনে আমনি কৰে চলচিত্ৰৰ জৰিয়তে অসমীয়া ছবিজগতত খোজ দিয়ে। এতিয়ালৈ বহু ছবিৰ লগতে ধাৰাবাহিকত অভিনয় কৰি আছে বৰষাই।
অভিনয়েৰে মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছিল বৰষাই। বিভিন্ন ভিডিঅ'ৰ জৰিয়তে সামাজিক মাধ্যমত ব্যক্তিগত জীৱনৰ প্ৰতিটো কথা জনাই যায় অভিনেত্ৰীগৰাকীয়ে।
বৰষাৰ প্ৰতিটো কামতে সহায় কৰে তেওঁৰ স্বামী ভাস্কৰ বৰুৱাই। ৰাইজে তেওঁলোকৰ যুটিটোক বহুত বেছি পছন্দ কৰে। কিছুদিন পূৰ্বে পৰিয়ালৰ সৈতে গোৱালৈ গৈছিল বৰষা।