Barsha Rani Bishaya Birthday: আজি বৰষা ৰাণী বিষয়াৰ ওপজা দিন, আপুনি জানেনে কোনখন ছবিৰ জৰিয়তে খোজ দিছিল ছবিজগতত? | Assamese Actress barsha rani bishaya birthday today know her Movies career details Assam news - Assam Tv9

Barsha Rani Bishaya Birthday: আজি বৰষা ৰাণী বিষয়াৰ ওপজা দিন, আপুনি জানেনে কোনখন ছবিৰ জৰিয়তে খোজ দিছিল ছবিজগতত?

Published: 

20 Sep 2024 10:28 AM

আজি অসমীয়া ছবিজগতৰ মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ ওপজা দিন৷ সামাজিক মাধ্যমযোগে বহু অনুৰাগীয়ে জনাইছে শুভেচ্ছা।

1 / 6

অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈছে বৰষা ৰাণী বিষয়া। বৰ্তমানলৈ বহুতো অসমীয়া চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

2 / 6

অসমৰ বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰটো তেখেতে অভিনয় কৰি আহিছে। অভিনয় কৰাৰ উপৰিও তেখেতে বিহু নৃত্যটো তেখেতৰ যথেষ্ট সুনাম আছে।

3 / 6

বৰষা ৰাণী বিষয়াই জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ যৌৱনে আমনি কৰে চলচিত্ৰৰ জৰিয়তে অসমীয়া ছবিজগতত খোজ দিয়ে ।

4 / 6

এতিয়ালৈ বহুটো ছবিত অভিনয় কৰিছে বৰষা ৰাণী বিষয়াই। ২০২১ চনত ভাস্কৰ বৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় বৰষাই। অভিনেত্ৰীগৰাকীৰ প্ৰতিটো কামত সহায় কৰি দিয়ে স্বামী ভাস্কৰে।

5 / 6

কিছুদিন পূৰ্বে বৰষাই ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰিছিল, য'ত তেওঁক গৰ্ভধাৰণ কৰা যেন দেখা গৈছিল আৰু অনুৰাগীয়ে মাতৃ হ'বলৈ ওলাইছে বুলি কমেন্ট বক্সত শুভেচ্ছা জনায়। কিন্তু এতিয়ালৈ অভিনেত্ৰীগৰাকীয়ে এই বিষয়ে স্পষ্টকে কোৱা নাই।

6 / 6

বৰ্তমান বৰষা ৰাণী ব্যস্ত হৈ আছে আহিবলগীয়া ছবি 'যৌৱনে আমনি কৰে-২' ত। ১৯৯৮ চনৰ এখন জনপ্ৰিয় ছবি হিচাপে পৰিগণিত হৈছিল "যৌৱনে আমনি কৰে"। ছবিখনে ২৫ বছৰ সম্পূৰ্ণ কৰাৰ শুভক্ষণত চিকুৱেলৰ কথা ঘোষণা হৈছিল। পিতৃ অশোক কুমাৰ বিষয়াৰ পৰিচালনাৰে নিৰ্মাণ কৰা হ'ব "যৌৱনে আমনি কৰে ২"।

Follow Us On
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version