শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতি আৰু নাই, ৯৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ

বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতি আৰু নাই। ৯৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। পিয়লি ফুকন, সৰাপাত, লখিমী, ৰঙা পুলিচ আদি বহু জনপ্ৰিয় ছবিত অভিনয় কৰিছিল তেওঁ।

barasha-sarma
Barasha Sarma | Updated On: 09 Jan 2025 11:41 AM
বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতি আৰু নাই। ৯৩ বছৰ বয়সত বুধবাৰে শ্বিলঙৰ বেথানী হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। পাৰঘাট চলচ্চিত্ৰৰ জৰিয়তে ছবিজগতত প্ৰৱেশ কৰা এইগৰাকী অভিনেত্ৰীয়ে কেইবাখনো জনপ্ৰিয় ছবিত অভনয় কৰিছিল। পিয়লি ফুকন, সৰাপাত, লখিমী, ৰঙা পুলিচ আদিত অভিনয় কৰিছিল তেওঁ।

1 / 5
পুবেৰুণ ছবিখনৰ জৰিয়তে ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল জ্ঞানতা কাকতিয়ে। পৰৱৰ্তী সময়ত তেওঁ ১৯৬০ চনত বাৰ্লিন চলচ্চিত্ৰ মহোসৎৱত অংশগ্ৰহণ কৰিছিল আৰু ইয়াতেই পুবেৰুণ ছবিখন প্ৰদৰ্শিত হৈছিল। এইগৰাকী অভিনেত্ৰীক অসম চৰকাৰে ২০০২ চনত বিষ্ণু প্ৰসাদ ৰাভা বঁটা প্ৰদান কৰিছিল।

2 / 5
১৯৩২ চনত অবিভক্ত অসমৰ শ্বিলঙত জন্ম গ্ৰহণ কৰিছিল জ্ঞানদা কাকতিয়ে। তেওঁৰ পিতৃৰ নাম আছিল দেৱেন দাস আৰু মাতৃৰ নাম বিৰজা দাস। পিতৃগৃহ গুৱাহাটীৰ পানবজাৰত আছিল যদিও কৰ্মসূত্ৰে শ্বিলঙত বাস কৰিছিল। শ্বিলঙৰ লাবানৰ তেওঁলোক স্থায়ী বাসিন্দা আছিল।

3 / 5
এইগৰাকী বিশিষ্ট অভিনেত্ৰী লোহিত কাকতিৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।  জ্ঞানদা কাকতিৰ পিতৃ এগৰাকী মঞ্চ অভিনেতা আছিল আৰু সেই সূত্ৰে তেওঁ অভিনয় জগতত প্ৰৱেশ কৰিছিল। সৰুতে তেওঁ সতী বেউলা নামৰ এখন নাটকত অভিনয় কৰিছিল আৰু তেওঁৰ অভিনয়ক প্ৰশংসা কৰিছিল বিষ্ণু প্ৰসাদ ৰাভাই।

4 / 5
তেওঁ অভিনয় কৰা ছবিসমূহৰ ভিতৰত আছে পাৰঘাট, পিয়লি ফুকন, সৰাপাত, লখিমী, ৰঙা পুলিচ, পূবেৰুণ, চাকনৈয়া, প্ৰথম ৰাগিনী, পুৱতি নিশাৰ সপোন, নৰকাসুৰ, ওপৰ মহলা, শেষ বিচাৰ, প্ৰিয়জন, ৰাগ-বিৰাগ আদি । এইগৰাকী অভিনেত্ৰীক সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে আইদেউ সন্দিকৈ সোঁৱৰণী বঁটাও প্ৰদান কৰিছিল। অৱশেষত বাৰ্ধক্যজনিত কাৰণত ২০২৫ চনৰ ৮ জানুৱাৰীত শেষ নিশ্বাস ত্যাগ কৰে জ্ঞানদা কাকতিয়ে।

5 / 5
Latest Stories