Zubeen garg's sikkar box office collection : অসমীয়া ছবি 'চিকাৰ'য়ে কিমান টকা আয় কৰিলে ? | assamese movie sikaar box office collection zubeen garg assam Assam news - Assam Tv9

Zubeen garg’s sikkar box office collection : অসমীয়া ছবি ‘চিকাৰ’য়ে কিমান টকা আয় কৰিলে ?

Published: 

22 Sep 2024 21:44 PM

Zubeen garg's sikkar: ২০ ছেপ্টেম্বৰত মুক্তি লাভ কৰিছে জুবিন গাৰ্গ, আদিল হুচেইন, উৰ্মিলা মহন্ত আদিৰ দ্বাৰা অভিনীত ছবি চিকাৰ। এই ছবিখন এতিয়াও ছবিগৃহত স- গৌৰৱে চলি আছে। ৩টা দিন সম্পূৰ্ণ কৰিলে ছবিখনে।

1 / 5২০

২০ ছেপ্টেম্বৰত মুক্তি লাভ কৰে চেম ভট্টাচাৰ্যৰ দ্বাৰা প্ৰযোজনা কৰা ছবি চিকাৰ। এই ছবিখনত জুবিন গাৰ্গ, আদিল হুচেইন, সিদ্ধাৰ্থ শৰ্মা, উৰ্মিলা মহন্তকে ধৰি বহু অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে।

2 / 5

ছবিখনত মূল চৰিত্ৰত অভিনয় কৰিছে জুবিন গাৰ্গে। শংকৰ চিকাৰী নামেৰে চাহ বাগানীয়া যুৱকৰ ৰূপত দেখা গৈছে জুবিন গাৰ্গক। জুবিনৰ লগতে উৰ্মিলা, আদিল হুচেইন আদিৰ অভিনয়ে আপ্লুত কৰিছে দৰ্শকক।

3 / 5

এতিয়াও ছবিগৃহত স- গৌৰৱে চলি আছে অসমীয়া ছবি চিকাৰ। ছবিখনত দেখুওৱা হৈথে যে জুবিনে অসমৰ চাহ বাগিচাৰ পৰা লণ্ডণলৈ গৈ তেওঁ বাগদত্তাৰ জীৱন ৰক্ষা কৰিব বিচাৰে। পৰম্পৰাগত আৰু আধুনিকতাৰ মাজৰ সংঘৰ্ষ আৰু সম্পৰ্কৰ সন্ধান কৰা ই এক একশ্যন থ্ৰীলাৰ।

4 / 5

ছবিখন মুক্তিৰ দিনটোত আছিল নেশ্যনেল চিনেমা ডে। এই দিনটোৰ দেশৰ লগতে ৰাজ্যৰ প্ৰায় প্ৰতিটো ছবিগৃহতে টিকটৰ মূল্য আছিল ৯৯ টকা। তাৰ পাছতে চিকাৰ ছবিখনে প্ৰথম দিনটোতেই ৩২ লাখৰো অধিক টকা আয় কৰিবলৈ সক্ষম হয়। দ্বিতীয় দিনটোতো কেইবাটাও ছবিগৃহত হাউচ ফুল থকা দেখা যায়। দ্বিতীয় দিনটোৰ আয় প্ৰায় ৫৩ লাখ টকা।

5 / 5

আগন্তুক সময়ত এই ছবিখনে আৰু অধিক আয় কৰাৰ সম্ভাৱণা আছে। ইয়াৰ মাজতে ছবিখনৰ মাজত জুবিন গাৰ্গে গোৱা ৰ'দ শীৰ্ষক গীতটি যথেষ্ঠ ভাইৰেল হৈ আছে। অভিনয়ৰ লগতে জুবিনে গোৱা এই ফাঁকি গীতে দৰ্শকৰ মন মুহিছে।

Follow Us On
ভাত কেৰালাত সৰ্বাধিক কি ভিটামিন থাকে? ইয়াৰ উপকাৰীতাৰ বিষয়ে জানক
ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ পানীয় অধিক উপকাৰী, জানক সবিশেষ...
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
Exit mobile version