হৃদয়বিদাৰক! মাতৃৰ পাছত এইবাৰ পিতৃক হেৰুৱালে কণ্ঠশিল্পী কমলিকা কাশ্যপে | assamese singer kamalika kashyap father and bhitali das husband bhupen das passes away Assam news - Assam Tv9

হৃদয়বিদাৰক! মাতৃৰ পাছত এইবাৰ পিতৃক হেৰুৱালে কণ্ঠশিল্পী কমলিকা কাশ্যপে

Published: 

17 Jan 2025 15:13 PM

মৰ্মান্তিক! যেন ক'বলৈ শব্দৰ অভাৱ। নিঠৰুৱা হ'ল সকলোৰে মৰমৰ কণ্ঠশিল্পী কমলিকা কাশ্যপ। মাতৃৰ পাছত এইবাৰ পিতৃক হেৰুৱালে কমলিকাই।

1 / 5অসমৰ  এগৰাকী উদীয়মান কণ্ঠশিল্পী কমলিকা কাশ্যপ। অসমীয়া হিয়াৰ আমঠু কমলিকা। সকলোৱে কমলিকাৰ কণ্ঠতে সকলোৱে বিচাৰি পাই ভিতালী দাসক।

অসমৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী কমলিকা কাশ্যপ। অসমীয়া হিয়াৰ আমঠু কমলিকা। সকলোৱে কমলিকাৰ কণ্ঠতে সকলোৱে বিচাৰি পাই ভিতালী দাসক।

2 / 5

সেইগৰাকী কমলিকা কাশ্যপ আজি নিঠৰুৱা হ'ল। কমলিকাৰ জীৱনৰ পৰা নোহোৱা হ'ল পিতৃ-মাতৃৰ ছাঁ। এয়া যেন এক অসহনীয় খবৰ।

3 / 5

ক'ভিডৰ সময়ত মাতৃ ভিতালী দাসৰ বিয়োগৰ পিছত আজি শেষ নিশ্বাস ত্যাগ কৰে কমলিকাৰ পিতৃয়ে। মহানগৰীৰ গাড়ীগাঁওস্থিত নিজ বাসগৃহত মৃত্যু হয় ভূপেন দাসৰ।

4 / 5

জানিব পৰা মতে দীৰ্ঘদিন ধৰি মধুমেহ ৰোগ আৰু বৃক্কজনিত সমস্যাত আক্ৰান্ত হৈ আছিল ভূপেন দাস । বিগত ২০২১ চনৰ ২১ এপ্ৰিলত ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছিল কণ্ঠশিল্পী ভিতালী দাসে।

5 / 5

মাতৃৰ পাছত এতিয়া পিতৃয়েও এৰি গ'ল কমলিকাক। এই খবৰে এতিয়া শোকাহত কৰিছে ৰাজ্যবাসীক। সামাজিক মাধ্যমযোগে শোকপ্ৰকাশ কৰিছে বহুজনে।

ছেইফ আলী খানৰ মুম্বাইৰ ঘৰৰ দাম কিমান? য'ত কৰা হৈছিল আক্ৰমণ
বেগত হালধি টুকুৰা ৰাখিলে কি হয় জানেনে?
মহাকুম্ভ মেলাৰ আঁৰৰ আধ্যাত্মিক তাৎপৰ্যৰ বিষয়ে জানেনে?
ঠাণ্ডাত শৰীৰ গৰম কৰি ৰাখিবলৈ নাগা সন্ন্যাসীসকলে কি খায়?