শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

উভতি নহা বাটেৰে গ’ললৈ বেহাৰবাৰীৰ ‘বসু দা’, জনপ্ৰিয় অভিনেতা ফাইলাও বসুমতাৰীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ

ৰাজ্যৰ সাংস্কৃতিক জগতৰ বাবে দুঃখবৰ। জনপ্রিয় অভিনেতা ফেইলাও বসুমতাৰী (বসু দা)ৰ দেহাৱসান। মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাজনে।

trishna-kalita
Trishna Kalita | Updated On: 23 Apr 2025 09:03 AM
ৰাজ্যবাসীৰ বাবে এটা শোকৰ খবৰ। জনপ্ৰিয় অভিনেতা ফাইলাও বসুমতাৰী আৰু নাই। জীৱনৰ নাটৰ পৰা চিৰবিদায় ল'লে সকলোৰে মৰমৰ 'বসু দা'-এ।

1 / 5
বেহাৰবাৰী আউট পোষ্টৰ ‘বসু দা’ৰ চৰিত্ৰৰে ৰাজ্যজুৰি অধিক জনপ্ৰিয় হৈছিল ফাইলাও বসুমতাৰী। গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাজনে।

2 / 5
অভিনেতাজনৰ মৃত্যুত পৰিয়ালৰ লগতে সাংস্কৃতিক মহলত শোকৰ ছাঁ। বিগত কেইবামাহ ধৰি যকৃতজনিত ৰোগত চিকিৎসাধীন হৈ আছিল বসুমতাৰী। অৱশেষত মঙলবাৰে নিশা তেওঁৰ  দেহাৱসান ঘটে।

3 / 5
মঙলবাৰে নিশা প্ৰায় ৯:৪৭ বজাত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় অভিনেতাজনৰ। শেহতীয়াকৈ মহানগৰীৰ গড়চুকত স্থায়ীভাৱে বসবাস কৰা অভিনেতাজনৰ ঘৰ আছিল বাক্সা জিলাত।

4 / 5
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৪ বছৰ। বড়ো সংগীত জগততো জনপ্রিয় আছিল ফেইলাও বসুমতাৰী।

5 / 5