Asteroid ‘2024 YR4’:পৃথিৱীৰ ওচৰ চাপি আহিছে গ্ৰহাণু '2024 YR4': পিছে বিশ্ব ৰক্ষাৰ নামত চীনৰ নতুন খেল... | Asteroid '2024 YR4' will it hit the earth know what china planning Assam news - Assam Tv9

Asteroid ‘2024 YR4’:পৃথিৱীৰ ওচৰ চাপি আহিছে গ্ৰহাণু ‘2024 YR4’: পিছে বিশ্ব ৰক্ষাৰ নামত চীনৰ নতুন খেল…

Updated On: 

19 Feb 2025 15:08 PM

Asteroid '2024 YR4': পৃথিৱীৰ ওচৰলৈ আহবাঢ়িছে গ্ৰহাণু '2024 YR4. উল্লেখ্য যে, এবাৰ এটা গ্ৰহাণু পৃথিৱীৰ পৃষ্ঠত খুন্দা মাৰিছিল। যাৰ ফলত পৃথিৱীৰ পৰা ডাইনোছৰবোৰ শেষ হৈ গৈছিল।

1 / 6বিজ্ঞানীসকলে কয় যে এবাৰ এটা গ্ৰহাণু পৃথিৱীৰ পৃষ্ঠত খুন্দা মাৰিছিল। যাৰ ফলত পৃথিৱীৰ পৰা ডাইনোছৰবোৰ শেষ হৈ গৈছিল। এইবাৰ পুনৰ এটা গ্ৰহাণু পৃথিৱীৰ কাষলৈ আহিছে। চীনৰ মতে, '২০২৪ YR4'নামৰ গ্ৰহাণুটো পৃথিৱীত  খুন্দা মাৰিবলৈ প্ৰায় ৭ বছৰ লাগিব।

বিজ্ঞানীসকলে কয় যে এবাৰ এটা গ্ৰহাণু পৃথিৱীৰ পৃষ্ঠত খুন্দা মাৰিছিল। যাৰ ফলত পৃথিৱীৰ পৰা ডাইনোছৰবোৰ শেষ হৈ গৈছিল। এইবাৰ পুনৰ এটা গ্ৰহাণু পৃথিৱীৰ কাষলৈ আহিছে। চীনৰ মতে, '২০২৪ YR4'নামৰ গ্ৰহাণুটো পৃথিৱীত খুন্দা মাৰিবলৈ প্ৰায় ৭ বছৰ লাগিব।

2 / 6

পৃথিৱীক সংকতে দেখা দিয়াৰ সময়ত বিজ্ঞানীসকলে ইয়াৰ প্ৰতিকাৰ বিচাৰে। কিন্তু ৰঙা চীনে যে এক নতুন খেলহে ৰচিছে। এই সময়ত চীনে এটা বিজ্ঞাপন প্ৰকাশ কৰিছে য'ত লিখা আছে-বিজ্ঞানী লাগে। '2024 YR4'ক প্ৰতিৰোধৰ বাবে চীনে বিজ্ঞানী বিচাৰিছে। যি কামৰ বাবে অভিজ্ঞ মানুহৰ প্ৰয়োজন হয়, তেনে স্থলত চীনে যুৱসকলৰ ওপৰত পৃথিৱী ৰক্ষাৰ দায়িত্ব এৰি দিব বিচাৰিছে।

3 / 6

এই বিজ্ঞাপনৰ অৰ্হতাত চীনে উল্লেখ কৰিছে যে প্ৰাৰ্থীৰ বয়স ৩৫ বছৰ হ'ব লাগিব। প্ৰাৰ্থীৰ জ্যোতিৰ্পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী আৰু মহাকাশ বিজ্ঞানৰ জ্ঞান থাকিব লাগিব। লগতে তেওঁ চীনৰ ৰাষ্ট্ৰপতি আৰু তেওঁৰ দলৰ ওপৰত অপৰিসীম আস্থা থাকিব লাগিব।

4 / 6

চীনৰ এই বিজ্ঞাপনৰ বাবে এতিয়া বহুতে প্ৰশ্ন উত্থাপন কৰিছে। মহাকাশত এটা ক্ষুদ্ৰ সূত্ৰ আৱিষ্কাৰ কৰিবলৈ বছৰ বছৰ লাগে, তেনে স্থলত চীনে যুৱসকল বা যাৰ অভিজ্ঞতা কম সেইসকলৰ দ্বাৰা মাত্ৰ ৭ বছৰত পৃথিৱীক ৰক্ষা কৰাৰ চেষ্টা চলাইছে।

5 / 6

অৱশ্যে চীনৰ এই পদক্ষেপক বহুতে সন্দেহো কৰিছে। একাংশৰ মতে, বিশ্বক ধূলি দি চীনে গোপনে মহাকাশ গৱেষণা কৰিবলৈ চেষ্টা কৰিছে। বেইজিঙে ইয়াৰ বেছিভাগ কাৰ্যসূচী সামৰিক উদ্দেশ্যত ব্যৱহাৰ কৰে। প্ৰসংগক্ৰমে ২০০৭ চনত চীনে এণ্টি মিছাইল পৰীক্ষা কৰিছিল।

6 / 6

চীনৰ এন্টি মিছাইল পৰীক্ষা কৰাৰ পাছত বহু আৱৰ্জনা মহাকাশলৈ সিঁচৰতি হৈ পৰিল। গতিকে একাংশই সন্দেহ কৰিছে যে চীনে পুনৰ কোনো নতুন প্ৰস্তুতি চলাইছে। যদি এনে নহয়, তেন্তে মাত্ৰ ৭ বছৰত হ’লেও চীনৰ যুৱ বিজ্ঞানীসকলে ইমান জটিল কাম কেনেকৈ সম্পন্ন কৰিব বুলি প্ৰশ্ন কৰিছে একাংশই।

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?