শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কল খাই বাকলি পেলাই দিয়াৰ ভুল নকৰিবঃ বাকলিৰ পৰাও পাব এনে উপকাৰ

কলৰ পুষ্টিৰ কথা সকলোৱে বিদিত। দেহৰ বাবে উপকাৰী বহু পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ ফল কল আৰু সেয়ে বিশেষজ্ঞসকলে আমাক কল খোৱাৰ পৰামৰ্শ দিয়ে। পিছে কলৰ বাকলিৰো আছে বহু উপকাৰিতা। সেয়ে আমি কল খোৱাৰ পিছত কেতিয়াও বাকলি পেলাই দিব নালাগে। এই বিষয়ে জানো আহক।

monjit-dutta
Monjit Dutta | Published: 30 Jan 2025 13:21 PM
অধিকাংশ লোকেই সাধাৰণতে কল খাই বাকলি পেলাই দিয়ে। কিন্তু কলৰ বাকলিৰ উপকাৰিতাৰ বিষয়ে জ্ঞাত লোকে এই ভুল কেতিয়াও নকৰে। কলৰ বাকলিৰ আছে বহু উপকাৰী গুণ। কলৰ বাকলি ছালৰ বাবে অতি উপকাৰী। শুকান ছালৰ সমস্যাত ভুগি থকাসকলে নিশা শোৱাৰ পূৰ্বে কলৰ বাকলি মুখত ঘঁহিব পাৰে। এইদৰে ছালখন নিমজ তথা উজ্জ্বল হৈ পৰিব।

1 / 5
সোণ-ৰূপৰ অলংকাৰ চাফা কৰিবলৈ কলৰ বাকলিৰ খাৰ ব্যৱহাৰ কৰাৰ কথা নিশ্চয় শুনিছে। অলংকাৰেই নহয়, কলৰ বাকলিৰ ব্যৱহাৰৰ দ্বাৰা আপুনি চামৰাৰ জোতা, চেণ্ডেলো পৰিষ্কাৰ কৰিব পাৰিব। তদুপৰি কলৰ বাকলি ব্যৱহাৰ কৰি ভৰিৰ গোৰোহা ফঁটাৰ সমস্যাও উপশম কৰিব পাৰিব।

2 / 5
শীতকালত ফঁটা ওঁঠৰ সমস্যা বহু লোকৰ ক্ষেত্ৰত দেখা যায়। এনে সমস্যাত ভুগি থকা লোকসকলে নিশা শুবলৈ যোৱাৰ পূৰ্বে কলৰ বাকলি ওঁঠত ঘঁহিব লাগে। এইদৰে কিছুদিন কৰিলে আপুনি ফঁটা ওঁঠৰ সমস্যাৰ পৰা উপশম পাব। লগতে ওঁঠৰ উজ্জলতাও বৃদ্ধি পাব।

3 / 5
দাঁতৰ ৰং হালধীয়া হৈ পৰিলে আমি হতাশাত ভুগিবলগা হয়। এই সমস্যা দূৰ কৰিবলৈ কিছুমান ঔষধৰো ব্যৱহাৰ কৰা দেখা যায়। কিন্তু এই ঔষধসমূহৰ পৰিৱৰ্তে কলৰ বাকলিৰ দ্বাৰাই আপুনি লাভৱান হ’ব। নিশা আৰু পুৱা টুথপেষ্ট ব্যৱহাৰ কৰাৰ পূৰ্বে কলৰ বাকলিৰে দাঁত পৰিষ্কাৰ কৰক। এইদৰে দৈনিক কৰিলে আপোনাৰ দাঁতৰ হালধীয়া ৰং দূৰ হ’ব।

4 / 5
কলৰ বাকলিত আপোনাৰ ফুলৰ বাগিচাত সাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰে৷ লগতে সৌন্দৰ্যবৰ্ধনৰ বাবে বেলকনিত থোৱা ফুল বা সৰু উদ্ভিদৰ পাত পৰিষ্কাৰ কৰিবলৈ কলৰ বাকলি ব্যৱহাৰ কৰিব পাৰে।  অত্যধিক পানীৰ ব্যৱহাৰ এই উদ্ভিদসমূহৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। কলৰ বাকলি ব্যৱহাৰ এইক্ষেত্ৰত সঠিক বিকল্প।

5 / 5