শিক্ষাৰ্থীৰ মাজত স্কুটী, নগদ ধন বিতৰণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ | banikanta medha award jayanta malla Baruah distribute scooty to 648 students assam Assam news - Assam Tv9

শিক্ষাৰ্থীৰ মাজত স্কুটী, নগদ ধন বিতৰণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

Published: 

16 Dec 2024 15:34 PM

ৰাজ্যত বৰ্তমান চলি আছে ১২ দিনৰ বিকাশৰ কাৰ্যসূচী। এই কাৰ্যসূচীৰ অধীনত ৰাজ্যৰ লাখ লাখলোক উপকৃত হৈছে। ১২ দিনৰ ১২ খন আঁচনিৰ ভিতৰত ৩ খন আছে শিক্ষাৰ্থীৰ বাবে আঁচনি।

1 / 5বিকাশৰ ১২ দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে সোমবাৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাক্সা জিলাত বিভিন্ন ক্ষেত্ৰৰ হিতাধিকাৰীক আনুষ্ঠানিকভাৱে সাহাৰ্য প্ৰদান কৰে। ইয়াৰ অধীনত মন্ত্ৰীগৰাকীয়ে মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্কুটী, নগদ ধন আৰু চাইকেল প্ৰদান কৰে। অনুষ্ঠানত বহু সংখ্যকলোক উপস্থিত থাকে।

বিকাশৰ ১২ দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে সোমবাৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাক্সা জিলাত বিভিন্ন ক্ষেত্ৰৰ হিতাধিকাৰীক আনুষ্ঠানিকভাৱে সাহাৰ্য প্ৰদান কৰে। ইয়াৰ অধীনত মন্ত্ৰীগৰাকীয়ে মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্কুটী, নগদ ধন আৰু চাইকেল প্ৰদান কৰে। অনুষ্ঠানত বহু সংখ্যকলোক উপস্থিত থাকে।

2 / 5

এই কাৰ্যসূচীৰ অংশ স্বৰূপে মন্ত্ৰীগৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত যোগ্য প্ৰাপ্ত হোৱা ৬৪৮ গৰাকী ছাত্ৰ- ছাত্ৰীৰ মাজত আনন্দৰাম বৰুৱা বঁটাৰ অধীনত নগদ ধন বিতৰণ কৰে। ইয়াৰ লগতে ৮৯৬ গৰাকীক 'প্রজ্ঞান ভাৰতী আঁচনি'ৰ ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটাৰ প্রদান কৰে।

3 / 5

ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে নৱম শ্ৰেণীত অধ্যয়নৰত ৬,০৬০ গৰাকী ছাত্র-ছাত্রীক চাইকেল প্রদান কৰে। এই অনুষ্ঠানত অংশ গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, অসমৰ সমূহ জিলাৰ জনগণৰ সুস্থিৰ বর্তমান আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে শিক্ষা, উদ্যোগ, বিত্ত আৰু ৰাজহ বিভাগৰ আঁচনিৰ সম্ভাৰেৰে 'বিকাশৰ ১২ দিন' অসম চৰকাৰৰ এক উল্লেখযোগ্য প্রচেষ্টা। মোৰ দৃঢ় বিশ্বাস, এই পদক্ষেপে অসমৰ উন্নয়নক ত্বৰান্বিত কৰিব।

4 / 5

উল্লেখ্য যে, ১১ ডিচেম্বৰ, ২০২৪ ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১২ দিন বিকাশৰ কাৰ্যসূচী শুভাৰম্ভণি কৰিছিল। এই আঁচনিৰ ফলত ৰাজ্যৰ লাখ লাখলোক উপকৃত হৈছে। এই কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিকাশৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই ১২ খন আঁচনিৰ ভিতৰত ৩ খন আঁচনি ছাত্ৰ ছাত্ৰীৰ বাবে।

5 / 5

মন কৰিবলগীয়া যে, এইবাৰ বাণীকান্ত মেধা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে কিছুমান নতুন চৰ্ত বান্ধি দিছে। এই আঁচনিৰ অধীনত ছাত্ৰ-ছাত্ৰীয়ে স্কুটী পাবলৈ ৰাজ্যৰ কোনো শিক্ষানুষ্ঠানত অধ্য়য়ন কৰি থকা হ'ব লাগিব। ইয়াৰোপৰি উচ্চতৰ মাধ্যমিক পৰীক্ষাত ছাত্ৰই ৭৫ শতাংশ আৰু ছাত্ৰীয়ে ৬০ শতাংশ নম্বৰ লাভ কৰা হ'ব লাগিব।

শোৱনি কোঠাত কেতিয়াও নাৰাখিব এই সমূহ বস্তু, অন্যথা আপোনাৰ জীৱনলৈ কঢ়িয়াব অশুভ সময়
জীৱনৰ অন্তিমখন কনচাৰ্ট ক’ত কৰিছিল তবলা সম্ৰাট জাকিৰ হুছেইনে? জানিবলৈ চাওক
আপোনাৰ সংগীৰ আছে নেকি এইসমূহ অভ্যাস? তেন্তে সাৱধান...
ভাৰতৰ ১০০ টকাৰ মূল্য কানাডাত কিমান হয় জানেনে?