5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam: জনপ্ৰিয় কণ্ঠশিল্পী বৰ্ণালী কলিতালৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী…

Assam: ভাল খবৰ! অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বৰ্ণালী কলিতাই লাভ কৰিলে সন্মানীয় ডক্টৰেট ডিগ্ৰী। Integrated Global University, Delhi য়ে প্ৰদান কৰিছে সন্মানীয় ডক্টৰেট ডিগ্ৰী।

barasha-sarma
Barasha Sarma | Updated On: 20 Oct 2024 15:54 PM
কণ্ঠশিল্পী বৰ্ণালী কলিতাক Integrated Global University, Delhi য়ে প্ৰদান কৰিছে সন্মানীয় ডক্টৰেট ডিগ্ৰী।  ২৯ মে' ২০২৪ চনত নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। অৱশ্যে এই অনুষ্ঠানত কণ্ঠশিল্পীগৰাকী উপস্থিত থাকিব নোৱাৰিলে।

1 / 5
ছ'চিয়েল মিডিয়াযোগে এই কথা সদৰি কৰে কণ্ঠশিল্পীগৰাকীয়ে।  Integrated Global University, Delhi ক বৰ্ণালী কলিতাই কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে, চিংগাপুৰত সংগীতৰ অনুষ্ঠান থকাৰ বাবে তেওঁ ডক্টৰেট ডিগ্ৰী প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে।

2 / 5
Integrated Global University আৰু Global Chamber Of Commerce Industry & Agriculture ৰে কণ্ঠশিল্পী বৰ্ণালী কলিতাক 'Lord Gautam Buddha International Peace Award 2024'  আগবঢ়ায়। তেওঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

3 / 5
উল্লেখ কৰা প্ৰয়োজন যে, Integrated Global University, Delhi য়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদানৰ বাবে দুগৰাকীমান  ব্যক্তিৰ লগতে বৰ্ণালী কলিতাৰ নামো নিৰ্বাচন কৰে।

4 / 5
অসমৰ আগশাৰীৰ এগৰাকী কণ্ঠশিল্পী বৰ্ণালী কলিতা। বিহুসুৰীয়া গীতৰ পৰা আৰম্ভ কৰি বহু আধুনিক গীত গাই আহিছে বৰ্ণালী কলিতাই। তেওঁৰ এই সন্মান অসমবাসীৰ বাবেও গৌৰৱৰ কথা। এই খবৰে বৰ্ণালী কলিতাৰ অনুৰাগীসকলক আনন্দিত কৰি তুলিছে।

5 / 5
Latest Stories