5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বংগৰ পৰা জম্মুলৈ… দেশৰ সৰ্বপ্ৰান্তত দশেৰাৰ লহৰঃ দিল্লীত ৰাৱণ দহন প্ৰধানমন্ত্ৰী মোদীৰ

সমগ্ৰ দেশতে আজি উলহ-মালহেৰে উদযাপন কৰা হৈছে দশেৰা উৎসৱ। শাৰদীয় নৱৰাত্ৰিৰ অন্তত আজি বিজয়াদশমী তথা দশেৰা হিচাপে পালন কৰা উৎসৱৰ এই দিনটোৰ দেশৰ সৰ্বপ্ৰান্তত দেখা গৈছে আনন্দমুখৰ পৰিৱেশ। দিল্লীত আজি দশেৰাৰ ৰাৱণ দহন অনুষ্ঠানত অংশ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাষ্ট্ৰতি দ্ৰৌপদী মুৰ্মুৱে। চাওঁ আহক দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা বিজয়া দশমীৰ কিছু দৃশ্য।

monjit-dutta
Monjit Dutta | Published: 12 Oct 2024 21:15 PM
পশ্চিম বংগত দুৰ্গোৎসৱ অত্যন্ত আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা হয়। ৰাজ্যখনৰ ৰাজধানী কলকাতাত আজি ‘বিজয়াদশমী’ উপলক্ষে সেন্দুৰ খেলত অংশগ্ৰহণ কৰে মহিলাসকলে।

1 / 6
দিল্লীৰ লালকিল্লাৰ পেৰেড খেলপথাৰত প্ৰতি বছৰে পৰম্পৰাগতভাৱে বিজয়াদশমী উপলক্ষে ৰাৱণ দহন কৰা হয়। এইবাৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই অনুষ্ঠানত উপস্থিত থাকে।

2 / 6
বিজয়াদশমী উপলক্ষে পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত ব্যাপক জনসমাগম হয়। বিহাৰৰ ৰাজ্যপাল, মুখ্যমন্ত্রী নীতিশ কুমাৰ আৰু উপ-মুখ্যমন্ত্রী সম্প্রত চৌধুৰীয়ে অংশ লয় ৰাৱণ দহন অনুষ্ঠানত।

3 / 6
অমৃতসৰৰ দুৰ্গিয়ানা মন্দিৰত নৱৰাত্ৰি উৎসৱ আৰু ‘লংগুৰ মেলা’ উপলক্ষে ‘লংগুৰ’ৰ দৰে সাজ-পোছাক পৰিধান কৰি ধৰ্মীয় শোভাযাত্ৰাত অংশ লয় ভক্তসকলে। বিজয়াদশমী উৎসৱত ভগৱান ৰাম আৰু লক্ষ্মণৰ সাজ-পোছাক পৰিহিত ভক্তসকলে ৰাৱণৰ প্ৰতিমূৰ্তি দহন কৰে।

4 / 6
সমগ্ৰ দেশৰ লগতে জম্মু-কাশ্মীৰতো দুৰ্গা পূজা উপলক্ষে ব্যাপক উৎসৱমুখৰ পৰিৱেশ দেখা যায়। জম্মুত দশেৰা উৎসৱৰ সময়ত ৰাৱণৰ প্ৰতিমূৰ্তি দাহ কৰা হয়।

5 / 6
মধ্যপ্ৰদেশৰ জবলপুলত বিজয়াদশমী উপলক্ষে পূজা মণ্ডপত ভক্তসকলে অনুষ্ঠান পৰিৱেশন কৰে। সেন্দুৰ খেলত অংশগ্ৰহণ কৰি মহিলা ভক্তসকলে পৰস্পৰে পৰস্পৰৰ গালত সেন্দুৰ লগোৱা দেখা যায়।

6 / 6
Latest Stories