5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি? গুৱাহাটীৰ আশে-পাশে আছে এই ৫ পৰ্যটনস্থলী…

Travel place in Guwahati: আহি আছে নতুন বছৰ। এই সময়চোৱাত বহুতে পিকনিক খাই বা ভ্ৰমণ কৰি ভাল পায়। কিন্তু আপুনি জানেনে গুৱাহাটী বা ইয়াৰ আশে পাশে এনে বহু অঞ্চল আছে য'লৈ আপুনি যাব পাৰে। এই অঞ্চলসমূহৰ প্ৰাকৃতিক সৌন্দৰ্যই আপোনাৰ নতুন বছৰ ৰঙীণ কৰি পেলাব।

barasha-sarma
Barasha Sarma | Published: 18 Dec 2024 17:43 PM
দীপৰ বিলঃ নতুন বছৰত প্ৰকৃতিৰ আনন্দ উপভোগ কৰিবলৈ আপুনি দীপৰ বিললৈ যাব পাৰে। দীপৰ বিল ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় (দক্ষিণ পশ্চিম গুৱাহাটী) ১৩ কিলোমিটাৰ দূৰত অৱস্থিত। জালুকবাৰী-খানাপাৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উত্তৰ-পূব দিশত আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা উত্তৰ দিশত ই অৱস্থিত। এই বিলখনত আপুনি বিভিন্ন পৰিভ্ৰমী চৰাই দেখিবলৈ পাব।

1 / 5
চানডুবিঃ চানডুবি কামৰূপ জিলাৰ ৰাভা হাচংং স্বায়ত্ব শাসিত পৰিষদ এলেকাত অৱস্থিত। অসম আৰু মেঘালয়ৰ গাৰো পাহৰৰ পাদস্থানত এই বিল। ইয়াত আপুনি অৰণ্য, চাহ বাগিচা আদিৰ আনন্দ ল'ব পাৰিব। বিলত নাৱত উঠাৰ লগতে থলুৱা খাদ্যৰ জুতিও ল'ব পাৰিব।  এই ঠাইলৈ যোৱা পথতোৱে মন মুহিব আপোনাৰ। গুৱাহাটীৰ জালুকবাৰীৰ পৰা এই বিলৰ দূৰত্ব প্ৰায় ৪৪ কিলোমিটাৰ।

2 / 5
পাৰ্বতী পাহাৰঃ  গুৱাহাটীৰ সমীপত অৱস্থিত পাৰ্বতী পাহাৰো পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু। কামৰূপ (গ্ৰাম্য)জিলাৰ অন্তৰ্গত বকোত এই পাহাৰ আছে। শীতকালত এই ঠাইত যোৱাৰ বাবে উপযোগী। ইয়াৰোপৰি আপুনি যদি সূৰ্য উদয়ৰ দৃশ্য উপভোগ কৰিব বিচাৰিছে তেন্তে ইয়ালৈ যাব পাৰে। এই ঠাইত এটা মন্দিৰো আছে। পাহাৰীয়া ঠাই আৰু প্ৰাকৃতিক সৌন্দৰ্যত আপোনপাহৰা হৈ পৰিব আপুনি। এই পাহাৰ জালুকবাৰীৰ পৰা প্ৰায় ৫২ কিলোমিটাৰ দূৰত অৱস্থিত।

3 / 5
পবিতৰা অভয়াৰণ্যঃ গুৱাহাটীৰ নিচেই ওচৰত অৱস্থিত পবিতৰা অভয়াৰণ্য। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণপাৰে, মৰিগাঁও জিলাৰ মায়ং মৌজাত এই অভয়াৰণ্য অৱস্থিত। পৃথিৱীৰ বিখ্যাত এশিঙীয়া গঁড়ৰ বাবে এই স্থান পৰ্যটকৰ বাবে আকৰ্ষণৰ কাৰণ।  গতিকে নতুন বছৰত আপুনি আহিব পাৰে পবিতৰালৈও। ইয়াক আপুনি বিভিন্ন ধৰণৰ গছ গছনিৰ লগতে গঁড়, বিভিন্ন জন্তু দেখিবলৈ পাব।

4 / 5
সূৰ্য পাহাৰঃ নতুন বছৰত আপুনি সূৰ্য পাহাৰলৈও যাব পাৰে। গোৱালপাৰা জিলাত অৱস্থিত এই ঠাইখিনি গুৱাহাটীৰ পৰা প্ৰায় ১৩২ কিলোমিটাৰ উত্তৰ পশ্চিমত অৱস্থিত।এই ঠাইখন এটা পাৰ্বত্য অঞ্চল য’ত ভালেমান শিলত খোদিত শিৱলিংগ, আৰু হিন্দু, বৌদ্ধ তথা জৈন সকলৰ দেৱ-দেৱীসকৰ মূৰ্তি প্ৰায় এক কিলোমিটাৰ অঞ্চল জুৰি বিয়পাই আছে। ঠাইখন শ্ৰী সূৰ্য পাহাৰ কেন্দ্ৰিক, যিটো শিৱ লিংগৰে (লিংগম) দি ভৰপুৰ হৈ আছে।

5 / 5
Latest Stories