তিতাবৰৰ বিকাশ বৰালৈ ২০২৫ বৰ্ষৰ 'ভাৰত গৌৰৱ' বঁটা... | bharat gaurav award to assam man bikash borah saya himanta biswa sarma Assam news - Assam Tv9

তিতাবৰৰ বিকাশ বৰালৈ ২০২৫ বৰ্ষৰ ‘ভাৰত গৌৰৱ’ বঁটা…

Published: 

19 Dec 2024 14:57 PM

অসমবাসীৰ বাবে ভাল খবৰ। সাঁচি খেতিয়ক বিকাশ বৰালৈ আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ ভাৰত গৌৰৱ বঁটা। এই খবৰৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক অভিনন্দন জনায়।

1 / 5অসমবাসীৰ বাবে ভাল খবৰ! সাঁচি খেতিয়ক বিকাশ বৰালৈ আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ 'ভাৰত গৌৰৱ' বঁটা।  ভাৰত বিকাশ সংগম নামৰ এটা ৰাষ্ট্ৰীয় সংস্থাই খেতিয়কগৰাকীক এই বঁটা প্ৰদান কৰিব। সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰাক অভিনন্দন জনায়।

অসমবাসীৰ বাবে ভাল খবৰ! সাঁচি খেতিয়ক বিকাশ বৰালৈ আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ 'ভাৰত গৌৰৱ' বঁটা। ভাৰত বিকাশ সংগম নামৰ এটা ৰাষ্ট্ৰীয় সংস্থাই খেতিয়কগৰাকীক এই বঁটা প্ৰদান কৰিব। সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰাক অভিনন্দন জনায়।

2 / 5

তিতাবৰ এলেঙীৰ এগৰাকী আদৰ্শবান সাঁচি খেতিয়ক বিকাশ বৰা। তেওঁ সদৌ সাঁচি খেতিয়ক সন্থা অসমৰ প্ৰতিষ্ঠাপক। খেতিয়কগৰাকীক অহা ৫ ফেব্ৰুৱাৰীত কৰ্ণাটকত এই বঁটা প্ৰদান কৰিব। এই খবৰে বিকাশৰ লগতে সমগ্ৰ তিতাবৰবাসীক আনন্দিত কৰিছে।

3 / 5

জানিব পৰা মতে সাঁচি খেতিৰ পৰা বছৰি বিকাশে ৫ৰ পৰা ৬ লাখ টকা উপাৰ্জন হয়। ইয়াৰ লগতে নৱ প্ৰজন্মৰ আন বহুতক বিকাশে দিছে কৰ্ম সংস্থাপন। বিকাশ সাঁচি খেতিয়কসকলৰ বাবে আদৰ্শৰ স্বৰূপ। বিকাশে প্ৰামাণ কৰি দিলে যে সাঁচি গছৰ খেতি কৰিও মানুহ স্বাৱলম্বী হ'ব পাৰে।

4 / 5

এই সন্দৰ্ভত বিকাশে কয়ে, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সাঁচিৰ এক ভাল বজাৰ আছে। ভাল দামত বিক্ৰী হয় সাঁচি। তেওঁ কয় যে, জন্মৰ পৰা সাঁচি গছ দেখি আহিছো যদিও ডাঙৰ পোৱাৰ পাছত ইয়াৰ গুৰুত্ব বুজি পাইছো। চৰকাৰৰ সহযোগ, বিভিন্ন পদক্ষেপৰ দ্বাৰা ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সাঁচিত উজ্বলাই তুলিব পৰা বুলি বিকাশি গৌৰৱান্বিত।

5 / 5

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখে যে- "এটি ভাল লগা খবৰ আপোনালোকক জনাব বিচাৰিছোঁ৷ সাঁচি খেতিয়কসকলৰ বাবে এক আদৰ্শৰ নাম তিতাবৰ এলেঙী নিবাসী সাঁচি খেতিয়ক তথা সদৌ সাঁচি খেতিয়ক সন্থা, অসম প্ৰতিষ্ঠাপক বিকাশ বৰালৈ আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ 'ভাৰত গৌৰৱ' বঁটা৷ ভাৰত বিকাশ সংগম নামৰ ৰাষ্ট্ৰীয় সংস্থাই প্ৰদান কৰিছে এই বঁটা৷ কৰ্ণাটকত ৫ ফেব্ৰুৱাৰীত অসম সন্তান শ্ৰীবিকাশ বৰাক এই বঁটা প্ৰদান কৰা হ'ব"৷

শীতকালত চুলি ধোৱাৰ সময়ত মনত ৰাখিব এইবোৰ কথা...
শীতকালত ছালত ঘিউ লগালে কি হয়? জানক উপকাৰিতা...
ঘৰত কিয় বগা ঘোঁৰাৰ ফটো লগাব লাগে জানেনে?
শীতকালত আপোনাৰো আঙুলি ফুলে নেকি? ইয়াৰ কাৰণ আৰু ঘৰুৱা প্ৰতিকাৰ সম্পৰ্কে জানক...