20 May 2024 21:33 PM
ৰয়েল এনফিল্ড মিটিয়ৰ ৩৫০ মুঠ ১২টা ভিন্ন ৰঙত উপলব্ধ। বাইকখনৰ এক্স শ্ব’ৰুম মূল্য ২.০৫ লাখ টকা।
বাইকপ্ৰেমীৰ মন মুহিব পৰাকৈ বাজাজৰ ডমিনাৰ ৪০০ এখন শক্তিশালী বাইক। এই বাইকখনৰ এক্স শ্ব’ৰুম মূল্য ২.৩০ লাখ টকাৰ পৰা আৰম্ভ হয়। ইয়াত ৩৭৩ চিচিৰ একক চিলিণ্ডাৰ ইঞ্জিনৰ শক্তি পোৱা যায়। ১৯২ কেজি ওজনৰ এই বাইকে আপোনাক এক স্মৰণীয় ৰাইডিং অভিজ্ঞতা প্ৰদান কৰিব।
ট্ৰায়ুমফ স্পীড ৪০০ হৈছে ২.৫০ লাখ টকাতকৈ কম মূল্যত ৩৯৮ চিচি ইঞ্জিন পাৱাৰৰ সৈতে বজাৰত উপলব্ধ আন এখন শক্তিশালী বাইক। ১৭৬ কিলোগ্ৰাম ওজনৰ এই বাইকখনৰ এক্স শ্ব’ৰুম মূল্য ২.৩৪ লাখ টকাৰ পৰা আৰম্ভ হয়।
কেটিএমৰ বাইক যুৱক-যুৱতীসকলৰ মাজত অত্যন্ত জনপ্ৰিয়। ২.৫০ লাখ টকাৰ কম মূল্যত আপুনি ক্ৰয় কৰিব পাৰে কেটিএম ২৫০ ডিউক। এই বাইকখনত আছে ২৪৯ চিচি চিংগল চিলিণ্ডাৰ ইঞ্জিনৰ শক্তি। বাইকখনৰ এক্স শ্ব’ৰুমৰ মূল্য ২.৪০ লাখ টকাৰ পৰা আৰম্ভ হয়।
টিভিএছ আপাচি আৰটিআৰ ৩১০ এই তালিকাৰ আটাইতকৈ দামী বাইক, যাৰ এক্স শ্ব’ৰুম মূল্য প্ৰায় ২.৪২ লাখ টকা। ৩১২ চিচি ইঞ্জিনেৰে সজ্জিত এই বাইকখন তিনিটা ভেৰিয়েণ্টত উপলব্ধ।