কোন হ'ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ? এই দৌৰত বিজেপিৰ কোন নেতা ? | BJP Prepares to Form Government in Delhi: Who Will Be the Next Chief Minister? Assam news - Assam Tv9

Delhi Next CM: কোন হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ? এই দৌৰত বিজেপিৰ কোন কোন নেতা ?

Updated On: 

08 Feb 2025 22:08 PM

২৭ বছৰৰ পাছত দিল্লীত সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বিজেপিয়ে । প্ৰশ্ন হয়, চৰকাৰ গঠন কৰাৰ পাছত বিজেপিৰ কোন নেতা দিল্লীৰ প্ৰধানমন্ত্ৰী হ’ব ?

1 / 8দিল্লীত চৰকাৰ গঠনৰ বাবে সাজু হৈছে বিজেপি । ২৭ বছৰৰ পাছত দিল্লীত সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বিজেপিয়ে । প্ৰশ্ন হয়, চৰকাৰ গঠন কৰাৰ পাছত বিজেপিৰ কোন নেতা দিল্লীৰ মুখ্যমন্ত্ৰী হ’ব ?

দিল্লীত চৰকাৰ গঠনৰ বাবে সাজু হৈছে বিজেপি । ২৭ বছৰৰ পাছত দিল্লীত সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বিজেপিয়ে । প্ৰশ্ন হয়, চৰকাৰ গঠন কৰাৰ পাছত বিজেপিৰ কোন নেতা দিল্লীৰ মুখ্যমন্ত্ৰী হ’ব ?

2 / 8

দিল্লীত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত বিজেপিৰ নাছিল কোনো মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী। এইলৈ প্ৰচাৰৰ সময়ত প্ৰায়ে বিজেপিক আক্ৰমণ কৰি আহিছিল আপে । অৱশ্যে দিল্লীৰ মুখ্যমন্ত্রী পদৰ দৌৰত নামিছে বিজেপিৰ কেইবাজনো নেতা ৷ তেওঁলোক কোন ? ৰাজনীতিৰ সমীকৰণ কি ? জানক

3 / 8

দুষ্যন্ত কুমাৰ গৌতম - দিল্লীৰ কেৰল বাগ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে দুষ্যন্ত কুমাৰ গৌতমে। ইয়াৰ উপৰিও তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক। বিজেপিৰ দলিত নেতা হিচাপে তেওঁ বিশেষভাৱে পৰিচিত। আনহাতে অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছে বুলি সূত্ৰই প্ৰকাশ কৰিছে। কিন্তু বিজেপিয়ে যদি ‘এক পদ এক নীতি’ অনুসৰণ কৰে তেন্তে তেওঁ মুখ্যমন্ত্ৰীৰ দৌৰৰ পৰা বাহিৰ হ’ব পাৰে।

4 / 8

বিজেন্দ্ৰ গুপ্তা - তেওঁ হৈছে দিল্লীৰ ৰোহিনী বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী। শক্তিশালীভাৱে থিয় দিয়া কেইজনমান বিজেপি নেতাৰ ভিতৰত বিজেন্দ্ৰ গুপ্তা অন্যতম।

5 / 8

ৰমেশ বিধুৰী হৈছে বিজেপিৰ অন্যতম পুৰণি নেতা। বিজেপিৰ হৈ লোকসভা নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিছিল। এইবাৰ তেওঁৰ বিৰুদ্ধে যুঁজ দিছে দিল্লীৰ বিদায়ী মুখ্যমন্ত্ৰী আতিশীয়ে। প্ৰথম অৱস্থাত যদিও আতিশী পিছ পৰি ৰৈছিল, কিন্তু শেষত জয়ী হৈছিল। সেই হিচাপে ৰমেশ মুখ্যমন্ত্ৰী হোৱাৰ দৌৰত পিছ পৰি ৰৈছে।

6 / 8

প্ৰৱেশ চাহিব সিং - দিল্লীৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী হোৱাৰ আটাইতকৈ ডাঙৰ মুখ হৈছে প্ৰৱেশ চাহিব সিং । বিজেপিয়ে নতুন দিল্লীৰ আসনৰ পৰা অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে প্ৰৱেশ চাহিব সিঙক প্ৰক্ষেপ কৰে। তেওঁ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চাহাব সিং ভাৰ্মাৰ পুত্ৰ। তেওঁ পশ্চিম দিল্লীৰ পৰা দুবাৰকৈ সাংসদ হৈছিল। এই নিৰ্বাচনত তেওঁ নতুন দিল্লীত আপৰ মুৰব্বী অৰবিন্দ কেজৰিবালক পৰাস্ত কৰে।

7 / 8

মনোজ তিৱাৰী - ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ উত্তৰ দিল্লী সমষ্টিৰ পৰা নিৰ্বাচনত জয়ী হৈ তৃতীয়বাৰৰ বাবে সাংসদ হৈছিল মনোজ তিৱাৰী। ২০২৪ চনত কেন্দ্ৰীয় নেতৃত্বই দিল্লীৰ পৰা অহা ৭ জন বিজেপি সাংসদৰ ভিতৰত ৬ জনক টিকট নিদিলে। কিন্তু মনোজ তিৱাৰীয়ে টিকট লাভ কৰিছিল । দিল্লী নিৰ্বাচনতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

8 / 8

বীৰেন্দ্ৰ সচদেৱ – এগৰাকী বিজেপিয় নেতাই ২০২২ চনৰ পৰা দিল্লী বিজেপিৰ কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০২৩ চনত বীৰেন্দ্ৰ সাচদেৱক পূৰ্ণকালীন সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল। যদিও তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল, তথাপিও কেন্দ্ৰীয় নেতৃত্ব যদি দয়ালু হয় তেন্তে তেওঁ মুখ্যমন্ত্ৰী পদ লাভ কৰাত কোনো বাধা নাথাকিব ।

হাজাৰজনৰ হিয়া ভাঙি কোন কোন অভিনেতা-অভিনেত্ৰীয়ে মাঘতে ঘঁহিলে মাহ-হালধি?
ছোৱালীসকলে খুব ভাল পায় প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ এইবোৰ পদ্ধতি
Propose Day ত কিদৰে আপোনাৰ প্ৰিয়জনক নিজৰ ফালে আকৰ্ষিত কৰিব? কেনেকৈ দিব প্ৰেমৰ প্ৰস্তাৱ
লতা মংগেশকাৰে প্ৰথম কোনখন ছবিত কণ্ঠদান কৰিছিল, জানক সবিশেষ