দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া হিমন্তৰ | BJP's Historic Victory in Delhi Assembly Elections: CM Himanta Biswa Sarma Reacts Assam news - Assam Tv9

প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বৰ বাবে দিল্লীত বিজেপিৰ জয়: হিমন্ত বিশ্ব শৰ্মা

Published: 

08 Feb 2025 19:00 PM

শেহতীয়াকৈ দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । লগতে দিল্লীৰ বিজেপিৰ জয়ৰ বাবে প্ৰধানমন্ত্ৰীৰ মোদীৰ নেতৃত্বক আলোকপাত কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।

1 / 5দিল্লীৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ জয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কয় যে, দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিৰ জয়ৰ কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সফল নেতৃত্ব আৰু দলীয় কৰ্মীৰ কঠোৰ পৰিশ্ৰম।

দিল্লীৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ জয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কয় যে, দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিৰ জয়ৰ কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সফল নেতৃত্ব আৰু দলীয় কৰ্মীৰ কঠোৰ পৰিশ্ৰম।

2 / 5

দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰি বিয়লি ৪.৩০ বজালৈকে মুঠ ৭০খন আসনৰ ভিতৰত ৩৮খন আসনত জয়লাভ কৰিছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, কেশৰ দলটোৱেও ১০খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে শাসকীয় আপ দলে মুঠ ১৭খন আসন লাভ কৰি আৰু ৫খন আসনত আগবাঢ়ি আছে।

3 / 5

"মোদীৰ দিল্লী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সফল নেতৃত্ব আৰু আমাৰ কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰমৰ বাবেই জনসাধাৰণৰ এই অপৰিসীম আশীৰ্বাদ লাভ কৰিছো।"-এক্স হেণ্ডেলত পোষ্ট শ্বেয়াৰ কৰি এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

4 / 5

তেওঁ লগতে কয়, "এতিয়া সন্মানীয় মোদী জীৰ নিৰ্দেশনাত ডাবল ইঞ্জিন চৰকাৰে দেশৰ ৰাজধানীখনক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ চহৰ হিচাপে গঢ়ি তুলিব।"

5 / 5

উল্লেখ্য যে, ২৭ বছৰৰ পাছত দিল্লীত পুনৰ ক্ষমতালৈ আহিব বিজেপি। আম আদমী পাৰ্টিয়ে ২০১৫ চনৰ পৰা দুটা কাৰ্যকাল আৰু তাৰ পূৰ্বে ১৯৯৮ চনৰ পৰা কংগ্ৰেছে শাসন কৰি আহিছে দিল্লী।

হাজাৰজনৰ হিয়া ভাঙি কোন কোন অভিনেতা-অভিনেত্ৰীয়ে মাঘতে ঘঁহিলে মাহ-হালধি?
ছোৱালীসকলে খুব ভাল পায় প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ এইবোৰ পদ্ধতি
Propose Day ত কিদৰে আপোনাৰ প্ৰিয়জনক নিজৰ ফালে আকৰ্ষিত কৰিব? কেনেকৈ দিব প্ৰেমৰ প্ৰস্তাৱ
লতা মংগেশকাৰে প্ৰথম কোনখন ছবিত কণ্ঠদান কৰিছিল, জানক সবিশেষ