Aishwarya Rai Birthday: আজি অভিনেত্ৰী ঐশ্বৰ্যা ৰায়ৰ জন্মদিন, ৫০ বছৰ বয়সতো মন মুহিছে সকলোৰে | bollywood actress aishwarya rai bachchan birthday special know about her education, career and personal life Assam news - Assam Tv9

Aishwarya Rai Birthday: আজি অভিনেত্ৰী ঐশ্বৰ্যা ৰায়ৰ জন্মদিন, ৫০ বছৰ বয়সতো মন মুহিছে সকলোৰে

Published: 

01 Nov 2024 10:17 AM

বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰীৰ ভিতৰত অন্য়তম ঐশ্বৰ্যা ৰায়। মিছ ৱৰ্ল্ডৰ খিতাপ জয় কৰাৰ পিছত ঐশ্বৰ্যা ৰায় দেশৰ বাবে এক সুপৰিচিত মুখ হৈ পৰে। তাৰ পিছত তেওঁ কেতিয়াও পিছলৈ ঘূৰি চোৱা নাছিল। আজি এই বিশেষ দিনটোত সামাজিক মাধ্যমত শুভেচ্ছাৰে উপচাই পেলাই অনুৰাগীয়ে।

1 / 5বলীউডৰ মোহময়ী অভিনেত্ৰী ঐশ্বৰ্যা ৰায়ৰ আজি জন্মদিন। এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ১৯৯৪ চনৰ মিচ ৱৰ্ল্ড। অভিনয় জীৱনৰ বৃহৎ সাফল্যই তেওঁক ভাৰতবৰ্ষৰ এগৰাকী অতি জনপ্ৰিয় আৰু প্ৰভাৱশালী শিল্পীৰূপে প্ৰতিষ্ঠা দিছে।

বলীউডৰ মোহময়ী অভিনেত্ৰী ঐশ্বৰ্যা ৰায়ৰ আজি জন্মদিন। এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ১৯৯৪ চনৰ মিচ ৱৰ্ল্ড। অভিনয় জীৱনৰ বৃহৎ সাফল্যই তেওঁক ভাৰতবৰ্ষৰ এগৰাকী অতি জনপ্ৰিয় আৰু প্ৰভাৱশালী শিল্পীৰূপে প্ৰতিষ্ঠা দিছে।

2 / 5

১৯৭৩ চনৰ ১ নবেম্বৰত কৰ্ণাটকৰ মাঙ্গালোৰত এটা তুলুভাষী পৰিয়ালত ঐশ্বৰ্যাৰ জন্ম হৈছিল। বিভিন্ন টেলিভিচন বিজ্ঞাপনত কাম কৰাৰ পিছত তেওঁ "ফেমিনা মিচ ইণ্ডিয়া"ত অংশ গ্ৰহণ কৰে; য’ত তেওঁ দ্বিতীয় স্থান পায়। ১৯৯৪ চনত "মিচ ৱৰ্ল্ড"ৰ খিতাপ লাভ কৰে। তাৰপিছতে তেওঁলৈ বিভিন্ন চলচ্চিত্ৰৰ বাবে আমন্ত্ৰণ আহিবলৈ ধৰে।

3 / 5

দুটাকৈ ফিল্মফেয়াৰ বঁটাৰ উপৰিও ২০০৯ চনত তেওঁ ভাৰতৰ চতুৰ্থ অসামৰিক বঁটা পদ্মশ্ৰী লাভ কৰিছে। ইয়াৰোপৰি ২০১২ চনত ফৰাচী চৰকাৰে Ordre des Arts et des Lettres-এৰে সন্মানিত কৰিছে। প্ৰচাৰ মাধ্যমত প্ৰায়ে তেওঁৰ পৃথিৱীৰ সৰ্বাধিক সুন্দৰী মহিলাগৰাকী বুলি উল্লেখ কৰা হয়।

4 / 5

৫০ বছৰ বয়সতো সকলোৰে মন মুহিবলৈ সক্ষম হৈছে অভিনেত্ৰীগৰাকীয়ে। ঐশ্বৰ্যাই বিশেষকৈ ব্যক্তিগত জীৱনৰ বাবে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে। ২০০৭ চনত ঐশ্বৰ্যাই অভিষেক বচ্চনৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। দম্পত্তিহালৰ এজনী কন্যা সন্তান আছে। কিন্তু অভিষেকৰ সৈতে সম্পৰ্ক ঠিক নথকাৰ কথা প্ৰায়ে পোহৰলৈ আহে। চলচ্চিত্ৰ জগতখনৰ বাহিৰত তেওঁ বহুকেইটা দাতব্য সংস্থা আৰু সামাজিক প্ৰচাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছেডৰ ৰূপে দায়িত্ব পালন কৰিছে।

5 / 5

মিছ ৱৰ্ল্ডৰ খিতাপ জয় কৰাৰ পিছত ঐশ্বৰ্যা ৰায় দেশৰ বাবে এক সুপৰিচিত মুখ হৈ পৰে। তাৰ পিছত তেওঁ কেতিয়াও পিছলৈ ঘূৰি চোৱা নাছিল। মিছ ৱৰ্ল্ডৰ পিছত ঐশ্বৰ্যা ৰায় কেৱল দেশতে নহয় বিদেশতো জানিবলৈ আৰম্ভ কৰিছিল। মানুহে তেওঁক লগ পাবলৈ আৰু এক আভাস পাবলৈ ঘন্টাৰ পিছত ঘণ্টা শাৰীত থিয় হৈ আছিল।

আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!
১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...