শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

৩০ বছৰ ধৰি অন্তৰ্ধান এগৰাকী মোহময়ী অভিনেত্ৰী, যিয়ে দুজন হিন্দু ল’ৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল!

বলীউডৰ বহু তাৰকাই নিজৰ প্ৰেমৰ স্বাৰ্থত ধৰ্ম সলনি কৰিছে। কিন্তু ইয়াৰ পিছতো একাংশৰ সম্পৰ্ক স্থায়ী নহ’ল। তেনে এগৰাকী মুছলমান অভিনেত্ৰীয়ে যশ চোপ্ৰাৰ পৰামৰ্শত নাম সলনি কৰিছিল।

barasha-misra
Barasha Misra | Published: 17 Apr 2025 14:18 PM
বলীউডৰ বহু অভিনেতা-অভিনেত্ৰীয়ে প্ৰেমৰ স্বাৰ্থত অন্য ধৰ্মৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। আনকি একাংশ অভিনেতাই বিবাহৰ বাবে ধৰ্ম সলনি কৰিছে। তেনে এগৰাকী অভিনেত্ৰী আছে যিয়ে ১৯ বছৰ বয়সত নিজতকৈ ১৭ বছৰ ডাঙৰ মানুহ এজনৰ সৈতে বিয়া হৈছিল। কিন্তু এই প্ৰেম চিৰদিন টিকি নাথাকিল।

1 / 7
সেই অভিনেত্ৰীগৰাকীৰ নাম সোণম খান। যিয়ে হিন্দী ছবিৰ উপৰিও তেলেগু ভাষাতো কাম কৰিছে। ১৯৮৭ চনত মুক্তি পোৱা তেলেগু ছবি ‘সম্ৰাট’ৰ জৰিয়তে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। অৱশ্যে সোণম খানক অভিনয় জগতত প্ৰৱেশ কৰোৱাইছিল যশ চোপ্ৰাই। তেওঁৰ ছবি ‘বিজয়’ ১৯৮৮ চনত মুক্তি পাইছিল।

2 / 7
অৱশ্যে সোণম খানৰ প্ৰকৃত নাম বাখতাৱাৰ খান। বলীউডৰ ভয়ংকৰ খলনায়ক ৰাজা মুৰাদ তেওঁৰ মোমায়েক আছিল। আচলতে যশ চোপ্ৰাৰ পৰামৰ্শত অভিনেত্ৰীগৰাকীয়ে নিজৰ পৰ্দাৰ নাম সলনি কৰিছিল। আগতে সোণম খান নামেৰে ছবিত কাম কৰিছিল। ১৯৮৯ চনত সোণমৰ ৯খন ছবি মুক্তি লাভ কৰে।

3 / 7
সোণম খানৰ বাস্তৱ জীৱনৰ কথাও বহু চৰ্চিত হৈছে। ১৯ বছৰ বয়সত অভিনেত্ৰীগৰাকীয়ে তেওঁতকৈ ১৭ বছৰ ডাঙৰ চলচ্চিত্ৰ পৰিচালক ৰাজীৱ ৰায়ৰ সৈতে বিবাহপাশত আবদ্ধ হয়। শহুৰেক আৰু স্বামীয়ে নিৰ্মাণ কৰা ছবিতো কাম কৰিছিল সোণম খানে।

4 / 7
বিবাহৰ পিছত অভিনেত্ৰীগৰাকীয়ে অভিনয় ত্যাগ কৰে। প্ৰথম বিবাহৰ পৰাই তেওঁৰ এটি পুত্ৰও আছে। অৱশ্যে মুম্বাই এৰি তেওঁ বিদেশলৈ যায়। কিন্তু ইয়াৰ মাজতে দুয়োৰে মাজত সম্পৰ্ক বেয়া হয়। ২০১৬ চনত ৰাজীৱ ৰায়ৰ সৈতে বিবাহ বিচ্ছেদ ঘটে।তাৰ পিছত ২০২০ চনত ভাৰতলৈ আহে।

5 / 7
কিন্তু বিবাহ বিচ্ছেদৰ মাত্ৰ এবছৰৰ পিছতে অভিনেত্ৰীগৰাকীয়ে প্ৰেমিকৰ সৈতে বিয়া হয়। স্বামী মুৰালী হিন্দু ধৰ্মৰ অন্তৰ্গত। আচলতে পুত্ৰৰ সন্মুখত দ্বিতীয়বাৰৰ বাবে বিয়া হৈছিল মাতৃয়ে।

6 / 7
অভিনেত্ৰীগৰাকীৰ শেষৰখন ছবি মুক্তি লাভ কৰিছিল ১৯৯৪ চনত - ইঞ্চানিয়ত। ইয়াত অমিতাভ বচ্চন, ছানী দেওল, চাংকি পাণ্ডে, জয়াপ্ৰদা, ৰবীনা টণ্ডন, অনুপম খেৰকে ধৰি বহু তাৰকাও দেখা গৈছিল। ৩০ বছৰ ধৰি পৰ্দাৰ পৰা নিৰুদ্দেশ হৈ আছে। অৱশ্যে এতিয়া তেওঁ উভতিব বিচাৰিছে।

7 / 7