ছলমানৰ লগত কৰিছিল অভিনয়, পিছে এটা চৰ্তই কেৰিয়াৰ ধ্বংস কৰি পেলালে জনপ্ৰিয় অভিনেত্ৰীৰ... | bollywood salman khan actress who's one condition ruined her entire career Assam news - Assam Tv9

ছলমানৰ লগত কৰিছিল অভিনয়, পিছে এটা চৰ্তই কেৰিয়াৰ ধ্বংস কৰি পেলালে জনপ্ৰিয় অভিনেত্ৰীৰ…

Published: 

30 Mar 2025 17:31 PM

ছলমান খানে বহু অভিনেত্ৰীৰ সৈতে বিভিন্ন ছবিত কাম কৰিছে। ইয়াৰে কিছুমান অভিনেত্ৰীক এতিয়াও চিনেমাত দেখিবলৈ পোৱা যায়, ইয়াৰ বিপৰীতে কিছুমান সময়ৰ সোঁতত হেৰাই গৈছে। এনে এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আছিল যাৰ এটি সিদ্ধান্তই তেওঁৰ কেৰিয়াৰ শেষ কৰি দিছিল।

1 / 5অভিনেতা ছলমান খানে ১৯৮৯ চনত ‘মেনে প্যাৰ কিয়া’ ছবিখনৰ জৰিয়তে বলীউডত ভৰি দিছিল। সেই ছবিত মুখ্য অভিনেত্ৰীৰ চৰিত্ৰত দেখা গৈছিল ভাগ্যশ্ৰীক।  ছবিখন ব্লকবাষ্টাৰ হৈছিল। এই ছবিখনৰ পাছত ভাগ্যশ্ৰীৰ জনপ্ৰিয়তা বহু বৃদ্ধি পাইছিল আৰু বহু ছবিৰ অফাৰ লাভ কৰিছিল।

অভিনেতা ছলমান খানে ১৯৮৯ চনত ‘মেনে প্যাৰ কিয়া’ ছবিখনৰ জৰিয়তে বলীউডত ভৰি দিছিল। সেই ছবিত মুখ্য অভিনেত্ৰীৰ চৰিত্ৰত দেখা গৈছিল ভাগ্যশ্ৰীক। ছবিখন ব্লকবাষ্টাৰ হৈছিল। এই ছবিখনৰ পাছত ভাগ্যশ্ৰীৰ জনপ্ৰিয়তা বহু বৃদ্ধি পাইছিল আৰু বহু ছবিৰ অফাৰ লাভ কৰিছিল।

2 / 5

কিন্তু ব্যক্তিগত কাৰণত তেওঁ ছবিসমূহ নাকচ কৰিছিল। ভাগ্যশ্ৰীয়ে কেৰিয়াৰৰ আৰম্ভণিতে হিমালয় দাসনীৰ লগত ডেটিং কৰিছিল। ছবিখন মুক্তি লাভ কৰাৰ এবছৰ পাছতেই ১৯৯০ চনত তেওঁ বিয়াত বহে। জানিব পৰা মতে, অভিনেত্ৰীগৰাকীৰ পিতৃ এই বিয়াৰ বিৰোধী আছিল, যাৰ বাবে দুয়ো মন্দিৰত বিয়া পাতিছিল।

3 / 5

বিয়াৰ পাছত ভাগ্যশ্ৰীৰ লগতে তেওঁৰ স্বামীও ছবি জগতত ভৰি দিছিল। কিন্তু দৰ্শকে তেওঁক আদৰি লোৱা নাছিল। ১৯৯২ চনত তেওঁৰ পায়েল নামৰ এখন ছবি মুক্তি লাভ কৰিছিল।

4 / 5

বিয়াৰ পিছতো ভাগ্যশ্ৰীয়ে বহু ছবিৰ বাবে অফাৰ পাইছিল। কিন্তু প্ৰতিখন ছবিত মুখ্য অভিনেতাৰ বাবে তেওঁক স্বামীক নিৰ্বাচন কৰিবলৈ চৰ্ত বান্ধি দিছিল। যাৰ বাবে বহু ছবি তেওঁ হেৰুৱাইছিল। এই চৰ্তই ভাগ্যশ্ৰীৰ কেৰিয়াৰ বহু প্ৰভাৱিত কৰিছিল।

5 / 5

অৱশ্যে কেইখনমান ছবিত দুয়োকে একেলগে দেখা গৈছিল যদিও সেইবোৰ ফ্ল'প হৈছিল। যাৰ বাবে অভিনেত্ৰীগৰাকীৰ জনপ্ৰিয়তা বহু পৰিমাণে কমি গৈছিল। পৰৱৰ্তী সময়ত ২০১৪ চনত তেওঁক টেলিভিশ্যন জগতত ঘূৰি আহিছিল।

শ্ৰেয়ছ আয়াৰে ১ ঘন্টাত কিমান আয় কৰে? শুনিলে আচৰিত হ'ব আপুনি....
ৱাকফ সংশোধনী বিধেয়ক কি? ৫টা পইণ্টত সবিশেষ জানক
Ghibli আৰ্টৰ মাষ্টাৰমাইণ্ড কোন জানেনে?
কাৰ নামত কিমান সম্পত্তি লিখি থৈ গ'ল টাটাই? তালিকাত নাম ঘৰুৱা সহায়কৰ পৰা পোহনীয়া কুকুৰলৈ...