25 Apr 2024 16:11 PM
ৰোমান্টিক আৰু হৃদয়স্পৰ্শী সুৰৰ জৰিয়তে পৰিচিত বলীউডৰ কণ্ঠশিল্পী অৰিজিৎ সিঙ। তেওঁৰ গান শুনিলে হৃদয়ক কোনোৱে ৰখাব নোৱাৰে।
‘কিং অৱ প্লেবেক চিংগিং’ৰূপে পৰিচিত অৰজিৎ হৈছে বলিউডৰ অন্যতম গায়ক। তেওঁৰ হিট গীতৰ সংকলন শেহতীয়াকৈ বৃদ্ধি পাইছে।
১৮ বছৰ বয়সত ৰিয়েলিটি শ্ব’ফেম গুৰুকুলৰ জৰিয়তে সংগীত যাত্ৰা আৰম্ভ কৰি ২০১১ চনত 'টুম হী হো'ৰ জৰিয়তে একে নিশাৰ ভিতৰতে আলোড়নৰ সৃষ্টি কৰিছিল।
আজি অৰিজিৎ সিঙৰ ওপজা দিন। এই দিনটোত সামাজিক মাধ্যমত শুভেচ্ছা বাণীৰে উপচাই পেলাই অনুৰাগীয়ে।
অৰিজিৎ সিঙে আজিলৈকে ৰাষ্ট্ৰীয় বঁটা আৰু কেইবাটাও ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। কণ্ঠশিল্পীগৰাকীৰ ৩৭ বছৰীয়া জন্মদিন উপলক্ষে অনুৰাগীৰ হৃদয়ত বাজি উঠিছে প্ৰতিটো গান।