আহি আছে বলিউড অভিনেতা ছানী দেউলৰ নতুন ছবি বৰ্ডাৰ-২। গদৰ-২ৰ সফলতা লাভ কৰাৰ পাছত ছবি প্ৰেমী সকলক নতুন খবৰ দিছে ছানী দেউলে। ইয়াৰ আনুষ্ঠানিক ঘোষণা কৰে তেওঁ।
অভিনেতাগৰাকীয়ে ছ'চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছে। য'ত তেওঁৰ কন্ঠস্বৰ শুনা গৈছে। তেওঁ কয় যে, ২৭ বছৰ পূৰ্বে এজন জোৱানে যি প্ৰতিশ্ৰুতি দিছিল সেয়া পুনৰ কৰিবলৈ পুনৰ আহি আছে তেওঁ। ভাৰতৰ সবাতোকৈ ডাঙৰ যুদ্ধৰ ছবি বৰ্ডাৰ-২ আহি আছে।
২৭ বছৰৰ পাছত আহিব ‘বৰ্ডাৰ’ৰ ছিকুৱেল। ১৯৯৭ চনত মুক্তি লাভ কৰিছিল বৰ্ডাৰ। ছবি নিৰ্মাতাই ১০ কোটি টকা ব্যয় কৰাৰ বিপৰীতে ই বক্স অফিচত সেই সময়তে প্ৰায় ৩৯ কোটি টকা আয় কৰিছিল। জেপি দত্তাই নিৰ্মাণ কৰিছিল ছবিখন।
গদৰ-২ ৰ সফলতাৰ পাছত বৰ্ডাৰ-২ৰ প্ৰস্তুতি আৰম্ভ কৰি দিছিল। ইয়াৰ পূৰ্বে ছানি দেউলৰ নিউ লুক এটি পোহৰলৈ আহিছিল। লগতে শ্বেয়াৰ কৰিছিল বৰ্ডাৰৰ এটা দৃশ্য। গতিকে বহুতে সন্দেহ কৰিছিল যে বৰ্ডাৰ-২ আহিব পাৰে।
অৱশ্যে বৰ্ডাৰ-২ৰ শ্বুটিং কেতিয়া আৰম্ভ হ'ব বা কেতিয়া ই মুক্তি লাভ কৰিব এতিয়ালৈকে জানিব পৰা হোৱা নাই। ছানি দেউলৰ বাহিৰে আৰু কোন কোন অভিনেতাই ইয়াত অভিনয় কৰিব সেয়াও প্ৰকাশ কৰা নাই।