পাৰ্থ টেষ্টৰ বাবে দলত অন্তৰ্ভুক্ত এইগৰাকী যুৱ তাৰকাঃ ল’ব পাৰে ৰোহিতৰ স্থান! | Border-Gavaskar trophy BCCI include Devdutt Padikkal in team India squad Assam news - Assam Tv9

পাৰ্থ টেষ্টৰ বাবে দলত অন্তৰ্ভুক্ত এইগৰাকী যুৱ তাৰকাঃ ল’ব পাৰে ৰোহিতৰ স্থান!

Updated On: 

21 Nov 2024 20:40 PM

কাইলৈৰ পৰা পাৰ্থত আৰম্ভ হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্ট। এই টেষ্টৰ বাবে দলত উপলব্ধ ন’হব ভাৰতীয় দলৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মা। আনহাতে আঘাতৰ বাবে দলত নাথাকিব শুভমন গিল। এনে পৰিস্থিতিত বিচিচিআইয়ে দলত অন্তৰ্ভুক্ত কৰিছে এগৰাকী যুৱ বেটাৰক। এই খেলুৱৈগৰাকীয়ে পাৰ্থ টেষ্টৰ বাবে ভাৰতৰ মূল একাদশতো স্থান পাব পাৰে।

1 / 5বহু

বহু প্ৰত্যাশিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্ট কাইলৈৰ পৰা আৰম্ভ হ’ব। পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই টেষ্টখনত ৰোহিত শৰ্মাৰ অনুপস্থিতিত যশপ্ৰীত বুমৰাহে ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিব। ইফালে ৰোহিত আৰু আঘাতপ্ৰাপ্ত শুভমন গিলৰ অনুপস্থিতিৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এই টেষ্টখনৰ পূৰ্বে এগৰাকী যুৱ খেলুৱৈক দলত অন্তৰ্ভুক্ত কৰিছে।

2 / 5

যুৱ বেটাৰ দেৱদত্ত পাড়িক্কালক বিচিচিআইয়ে পাৰ্থ টেষ্টৰ প্ৰাকক্ষণত ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰিছে। পাড়িক্কালে পাৰ্থ টেষ্টত ৰোহিত আৰু গিলৰ অনুপস্থিতিত এগৰাকী বিশেষজ্ঞ বেটাৰ হিচাপে স্থান পাব পাৰে বুলিও চৰ্চা চলিছে। বিচিচিআইৰ এই সিদ্ধান্তৰ পূৰ্বৰে পৰা অৱশ্যে পাড়িক্কালৰ নাম চৰ্চাত আছিল আৰু তেওঁ বিগত কিছুদিনৰ পৰা অষ্ট্ৰেলিয়াতে আছে।

3 / 5

অষ্ট্ৰেলিয়া এৰ বিপক্ষে অনুষ্ঠিত হোৱা ইণ্ডিয়া এৰ চাৰিদিনীয়া মেচৰ শৃংখলাত পাড়িক্কাল ইণ্ডিয়া এ দলৰ অংশ আছিল। এই শৃংখলাৰ পিছৰে পৰা তেওঁ ছিনিয়ৰ দলৰ সৈতে অষ্ট্ৰেলিয়াত আছিল। পাড়িক্কালে অষ্ট্ৰেলিয়া-এৰ বিৰুদ্ধে চাৰিদিনীয়া এই দুখন মেচৰ শৃংখলাত ৩৬, ৮৮, ২৬ আৰু ১ ৰানৰ ইনিংছ খেলিছিল। শৃংখলাটোত তেওঁ আছিল অন্যতম প্ৰধান সফল ভাৰতীয় বেটাৰ।

4 / 5

ইংলেণ্ডৰ বিপক্ষে চলিত বৰ্ষৰ আৰম্ভণিতে হোৱা টেষ্ট শৃংখলাত জাতীয় দলৰ হৈ টেষ্ট অভিষেক ঘটাইছিল পাড়িক্কালে। আঘাতপ্ৰাপ্ত ৰাহুলৰ স্থানত এই শৃংখলাত দললৈ আমন্ত্ৰিত হৈছিল যুৱ খেলুৱৈগৰাকী। এই শৃংখলাত অভিষেক মেচতে জিলিকি উঠা পাড়িকালে ৬৫ ৰানৰ এক চমকপ্ৰদ ইনিংছ খেলিছিল। এইপৰ্যন্ত পাড়িক্কালৰ এয়াই একমাত্ৰ টেষ্ট ইনিংছ।

5 / 5

পাড়িক্কালে এইপৰ্যন্ত ৪০খন প্ৰথম শ্ৰেণীৰ মেচ খেলিছে। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ১৭টা অৰ্ধশতক আৰু ৬টা শতকসহ ৪২.৪৯ গড়ে ২৬৭৭ ৰান সংগ্ৰহ কৰিছে। পাড়িক্কালৰ অন্তৰ্ভুক্তিৰ পিছত ভাৰতীয় দলঃ বুমৰাহ (অধিনায়ক),জয়ছোৱাল, অভিমন্যু ইশ্বৰন, পাড়িক্কাল, গিল, কোহলী, ৰাহুল, পণ্ট, ছৰফৰাজ, জুৰেল, অশ্বিন, জাদেজা, চিৰাজ, আকাশ দীপ , প্ৰসিধ কৃষ্ণ, হৰ্ষিত ৰাণা, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ।

আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস
বৃহস্পতিবাৰৰ দিনটোত হালধীৰ দ্বাৰা কৰক এনে বিধান, দূৰ হ’ব ধনৰ অভাৱ
শীতৰ বতৰত ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানক
তীৰ্থযাত্ৰাৰ সময়ত নকৰিব এই ভুল কৰে, নাপাব পূণ্যফল!