আজিৰ পৰা তৃতীয় টেষ্টঃ গাব্বাত অক্ষুণ্ণ থাকিবনে ভাৰতৰ ২১ৰ ধাৰা! | Border-Gavaskar trophy India vs Australia 3rd test to start today in The Gabba Brisbane Assam news - Assam Tv9

আজিৰ পৰা তৃতীয় টেষ্টঃ গাব্বাত অক্ষুণ্ণ থাকিবনে ভাৰতৰ ২১ৰ ধাৰা!

Published: 

14 Dec 2024 05:10 AM

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ ইতিমধ্যে দুখন টেষ্ট সম্পূৰ্ণ হৈছে। পাঁচখনীয়া মেচৰ এই টেষ্ট শৃংখলাৰ তৃতীয় টেষ্ট আজিৰ পৰা আৰম্ভ হ’ব। ব্ৰিজবেনৰ গাব্বাত অনুষ্ঠিত এইখন মেচ। এই মেচত জয়েৰে দুয়োটা দলে স্বাভাৱিকতেই জয়েৰে শৃংখলাত অগ্ৰগতিৰ চেষ্টা চলাব।

1 / 5আজিৰ পৰা আৰম্ভ হ’ব ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন টেষ্ট। ব্ৰিজবেনৰ গাব্বাত কিছু সময়ৰ পিছতে অৱতীৰ্ণ হ’ব সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ দুই প্ৰধান ক্ৰিকেট শক্তি ভাৰত আৰু অষ্ট্ৰেলিয়া। পাঁচখনীয়া মেচৰ এই শৃংখলাটোত দুয়োটা দলে সম্প্ৰতি এখনকৈ মেচত জয়েৰে ১-১ ব্যৱধানত সমতা স্থাপন কৰি আছে।

আজিৰ পৰা আৰম্ভ হ’ব ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন টেষ্ট। ব্ৰিজবেনৰ গাব্বাত কিছু সময়ৰ পিছতে অৱতীৰ্ণ হ’ব সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ দুই প্ৰধান ক্ৰিকেট শক্তি ভাৰত আৰু অষ্ট্ৰেলিয়া। পাঁচখনীয়া মেচৰ এই শৃংখলাটোত দুয়োটা দলে সম্প্ৰতি এখনকৈ মেচত জয়েৰে ১-১ ব্যৱধানত সমতা স্থাপন কৰি আছে।

2 / 5

গাব্বা টেষ্টৰ বাবে ইতিমধ্যে অষ্ট্ৰেলিয়াই শুকুৰবাৰে মূল একাদশ ঘোষণা কৰিছিল। মাত্ৰ এটা পৰিৱৰ্তনৰ বাদে শৃংখলাৰ দ্বিতীয় টেষ্টত অংশ লোৱা দলটোৰ সৈতেই গাব্বাত অৱতীৰ্ণ হ’ব কেংগাৰু বাহিনী। পাৰ্থ টেষ্টত আঘাতৰ বাবে দ্বিতীয় টেষ্টৰ পৰা বাদ পৰা তাৰকা পেচাৰ জ’ছ হেজেলউড সুস্থ হৈ উঠিছে আৰু স্ক’ট ব’লাণ্ডৰ স্থানত তেওঁ এই টেষ্টৰ বাবে মূল একাদশত অন্তৰ্ভুক্ত হৈছে।

3 / 5

ইফালে ভাৰতীয় দলতো এই টেষ্টখনৰ বাবে পৰিৱৰ্তন দেখা যাব পাৰে। দ্বিতীয় টেষ্টত সুযোগ পোৱা অভিজ্ঞ অশ্বিনৰ স্থানত ৱাশ্বিংটন সুন্দৰক দলত অন্তৰ্ভুক্ত কৰিব পাৰে বুলি চৰ্চা চলিছে। একেদৰে হৰ্ষিত ৰাণাৰ স্থানত আকাশদীপক মূল একাদশৰ স্থান দিয়াৰো সম্ভাৱনা আছে। আনহাতে অপেনিঙত ৰাহুল-জয়ছোৱাল যুটিকে দেখাৰ সম্ভাৱনা প্ৰবল। অৰ্থাৎ মিডল অৰ্ডাৰত বেটিং কৰিব অধিনায়ক ৰোহিতে।

4 / 5

উল্লেখ্য যে ২০২০-২১ চনৰ ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে ভাৰতীয় দলৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত ইতিহাস সৃষ্টি কৰিছিল ভাৰতে। গাব্বাত অনুষ্ঠিত শৃংখলাৰ অন্তিমখন টেষ্টত দৰ্শনীয় জয়েৰে ভাৰতে শৃংখলাও হস্তগত কৰিছিল। লক্ষণীয়ভাৱে অষ্ট্ৰেলিয়াৰ অপৰাজেয় দুৰ্গ হিচাপে পৰিগণিত হোৱা গাব্বাত সেয়া আছিল দলটোৰ প্ৰথম পৰাজয়। এই ঐতিহাসিক গাব্বা টেষ্টৰ ধাৰা এইবাৰ অক্ষুণ্ণ থাকেনে সেয়া হ’ব লক্ষণীয়।

5 / 5

তদুপৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ দিশৰ পৰাও এই টেষ্ট ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ। এইপৰ্যন্ত ভাৰত ৫৭.২৯ শতাংশ পইণ্ট লাভেৰে পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে। হাতত তিনিখন মেচ বাকী থকা অৱস্থাত ভাৰতক টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হ’বলৈ দুখন মেচত জয় আৰু এখনত ড্ৰ’ৰ প্ৰয়োজন। সেয়ে এই টেষ্টত পৰাজয় মানেই ভাৰতৰ ফাইনেলৰ আশা ভংগৰ উপক্ৰম হ’ব।

চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে
সকলোৰে প্ৰিয় মাখানাৰ উপকাৰিতাৰ বিষয়ে জানেনে?