বৰষুণেহে ৰক্ষা কৰিব নেকি ভাৰতৰ সন্মান! গাব্বাত পুনৰ বিপৰ্যস্ত ভাৰতীয় বেটিং লাইন আপ | Border-Gavaskar Trophy India vs Australia India in trouble rain-disrupted Gabba test day 3 Assam news - Assam Tv9

বৰষুণেহে ৰক্ষা কৰিব নেকি ভাৰতৰ সন্মান! গাব্বাত পুনৰ বিপৰ্যস্ত ভাৰতীয় বেটিং লাইন আপ

Published: 

16 Dec 2024 15:43 PM

ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত চলি থকা গাব্বা টেষ্টৰ আজি তৃতীয় দিন। পিছে বৰষুণৰ বাবে আজি দিনটোৰ খেলত ব্যাপক ব্যাঘাত জন্মে। নেৰানেপেৰা বৰষুণৰ ফলত আজি ৩৫ অভাৰতকৈয়ো কম বলৰ খেলহে সম্ভৱ হয়। বৰ্ষাবিঘ্নিত মেচখনত অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ৪৪৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ভাৰতে আজি খেল সামৰণিলৈ ৪ উইকেটত ৫১ ৰান সংগ্ৰহ কৰিছে।

1 / 5চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ গাব্বাত চলি থকা থকা তৃতীয় টেষ্টত বতৰে বাৰুকৈয়ে বিঘিনি ঘটাইছে। বৰষুণৰ বাবে টেষ্টখনৰ প্ৰথম দিনা মাত্ৰ ৮০টা বলৰ খেল সম্ভৱ হৈছিল। দেওবাৰে টেষ্টৰ দ্বিতীয় দিনা ৮৮ অভাৰৰ খেল হৈছিল যদিও আজি পুনৰ নেৰানেপেৰা বৰষুণৰ বাবে ৩৩ অভাৰৰ খেলহে সম্ভৱ হয়। ই্যাৰে ভাৰতীয় দলে ১৭ অভাৰ বেটিং কৰে আৰু এই সময়তে পৰিছে সংকটত।

চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ গাব্বাত চলি থকা থকা তৃতীয় টেষ্টত বতৰে বাৰুকৈয়ে বিঘিনি ঘটাইছে। বৰষুণৰ বাবে টেষ্টখনৰ প্ৰথম দিনা মাত্ৰ ৮০টা বলৰ খেল সম্ভৱ হৈছিল। দেওবাৰে টেষ্টৰ দ্বিতীয় দিনা ৮৮ অভাৰৰ খেল হৈছিল যদিও আজি পুনৰ নেৰানেপেৰা বৰষুণৰ বাবে ৩৩ অভাৰৰ খেলহে সম্ভৱ হয়। ই্যাৰে ভাৰতীয় দলে ১৭ অভাৰ বেটিং কৰে আৰু এই সময়তে পৰিছে সংকটত।

2 / 5

অষ্ট্ৰেলিয়াই কালিৰ ৭ উইকেটত ৪০৫ ৰানৰ স্ক’ৰৰ পৰা আজি পুনৰ বেটিং আৰম্ভ কৰি ৪৪৫ ৰানত ইনিংছ সামৰে। কালি অপৰাজিত থকা ষ্টাৰ্কে আজি নিজ স্ক’ৰত আৰু ৯ ৰান যোগ দি মুঠ ১৮ ৰান কৰি বিদায় লয়। আনহাতে কেৰীয়ে খেলে ৭০ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ। ভাৰতৰ হৈ বুমৰাহে ৬টা উইকেট লাভ কৰাৰ বিপৰীতে চিৰাজে দুটা, আকাশদীপ আৰু নীতিশ ৰেড্ডীয়ে এটাকৈ উইকেট দখল কৰে।

3 / 5

ইফালে অষ্ট্ৰেলিয়াৰ এই বিশাল স্ক’ৰৰ প্ৰত্যুত্তৰত ভাৰতে ইনিংছ আৰম্ভ কৰিয়েই দ্বিতীয় বলতে উজুটি খায়। ইনিংছৰ দ্বিতীয়টো বলতে ষ্টাৰ্কে বিদায় দিয়ে জয়ছোৱালক। প্ৰথমটো বলত সৌভাগ্যৱশতঃ এটা বাউণ্ডেৰী লাভ কৰিলেও জয়ছোৱালে পুনৰ এবাৰ প্ৰথম ইনিংছৰ ব্যৰ্থতা অব্যাহত ৰাখি ৪ ৰানত পেভিলিয়নলৈ উভতে।

4 / 5

ইনিংছৰ তৃতীয়টো অভাৰৰ প্ৰথমটো বলতে ষ্টাৰ্কে পুনৰ ভাৰতীয় শিবিৰত আঘাত হানি গিলৰ (১) উইকেট দখল কৰে। ব্যৰ্থ হয় কোহলীও (৩)। হেজেলউডৰ চিকাৰ হয় কোহলী। মাত্ৰ ২২ ৰানতে ৩টাকৈ উইকেট হেৰুৱাই বিপদত পৰাৰ পিছত অপেনাৰ ৰাহুলে পণ্টৰ সৈতে মিলি ক্ৰীজত কিছু খোপনি পোতে যদিও ৪৪ ৰানৰ স্ক’ৰত পণ্টেও (৯) বিদায় লয়। ভাৰতৰ হৈ ৰাহুলে কিছু দৃঢ়তা প্ৰদৰ্শন কৰি ৩৩ ৰানৰ ব্যক্তিগত স্ক’ৰত অপৰাজিত আছে। ৰাহুলৰ সৈতে ক্ৰীজত আছে ৰোহিত (০)।

5 / 5

ভাৰতে আজিৰ খেল সামৰণিৰ পৰলৈ ৪ উইকেটত ৫১ ৰান সংগ্ৰহ কৰিছে। এতিয়াও অষ্ট্ৰেলিয়াৰ স্ক’ৰতকৈ ৩৯৪ ৰানত পিছ পৰি আছে, হাতত আছে ৬টা উইকেট। কিন্তু অষ্ট্ৰেলিয়ান পিটছত আজিৰ প্ৰদৰ্শনলৈ চাই ভাৰতীয় দলৰ বিপদৰ সম্ভাৱনাই গা কৰি উঠিছে। এতিয়াও মেচৰ দুটা দিন বাকী আছে আৰু যদি বতৰে কোনো বিঘিনি নঘটায়, ভাৰতৰ এনে বেটিং বিপৰ্যয়ে পৰাজয়ৰ মুখলৈ ঠেলি দিয়াৰ সম্ভাৱনাই প্ৰবল। এতিয়া যেন ভাৰতৰ পৰাজয় ৰোধৰ আশা বৰষুণৰ ওপৰতে নিৰ্ভৰশীল!

শোৱনি কোঠাত কেতিয়াও নাৰাখিব এই সমূহ বস্তু, অন্যথা আপোনাৰ জীৱনলৈ কঢ়িয়াব অশুভ সময়
জীৱনৰ অন্তিমখন কনচাৰ্ট ক’ত কৰিছিল তবলা সম্ৰাট জাকিৰ হুছেইনে? জানিবলৈ চাওক
আপোনাৰ সংগীৰ আছে নেকি এইসমূহ অভ্যাস? তেন্তে সাৱধান...
ভাৰতৰ ১০০ টকাৰ মূল্য কানাডাত কিমান হয় জানেনে?