সমাগত দুৰ্গা পূজাঃ পূজাৰ বতৰত বাহন ক্ৰয় কৰে যদি চাওক আগষ্ট মাহত গ্ৰাহকৰ প্ৰিয় এইকেইখন বাহন | Brezza Creta Punch Scorpio Fronx top 5 best selling suv in India August 2024 Assam news - Assam Tv9

সমাগত দুৰ্গা পূজাঃ পূজাৰ বতৰত বাহন ক্ৰয় কৰে যদি চাওক আগষ্ট মাহত গ্ৰাহকৰ প্ৰিয় এইকেইখন বাহন

Published: 

12 Sep 2024 18:42 PM

দুৰ্গা পূজালৈ মাজত আৰু কেইটামান দিন। বহু লোকে পূজাৰ বতৰত বাহন নিৰ্মাতা কোম্পানীসমূহে দিয়া অফাৰৰ সুবিধা গ্ৰহণ কৰি পচন্দৰ বাহনখন ক্ৰয় কৰা দেখা যায়। যদি আপুনিও পূজাৰ বতৰতে এইদৰে নতুন এখন বাহন ক্ৰয় কৰাৰ কথা ভাবিছে, যোৱা আগষ্ট মাহত দেশৰ বজাৰত অধিক বিক্ৰী হোৱা বাহনকেইখনৰ বিষয়ে চাব পাৰে। আগষ্ট মাহত দেশত সৰ্বাধিক বিক্ৰী হোৱা পাঁচখন বাহনৰ বিষয়ে চাওঁ আহক-

1 / 5আগষ্ট

আগষ্ট মাহত মাৰুতি চুজুকিৰ Brezzaৰ মুঠ ১৯,১৯০ খন বাহন বিক্ৰী হৈছে। ২০২৩ চনৰ আগষ্ট মাহত এই সংখ্যা আছিল ১৪,৫৭২ খন। গত এটা বছৰত এই বাহনখনৰ বিক্ৰী ৩২ শতাংশ বৃদ্ধি পাইছে।

2 / 5

বিগত মাহত হুণ্ডাই Cretaৰ ১৬,৭৬২ ইউনিট বিক্ৰী হৈছে। এটা বছৰত বাহনখনৰ বিক্ৰী ২১ শতাংশ বৃদ্ধি পাইছে।

3 / 5

বিক্ৰীৰ ক্ষেত্ৰত আগষ্ট মাহত তৃতীয় স্থানত আছে টাটা Punch বাহনখন। আগষ্ট মাহত মুঠ ১৫,৬৪৩খন Punch বিক্ৰী হৈছিল। এই বাহনখন পেট্ৰ’ল, চিএনজি আৰু ইলেক্ট্ৰিক ইন্ধনৰ বিকল্প সুবিধাসহ উপলব্ধ।

4 / 5

আগষ্ট মাহত বিক্ৰীৰ ক্ষেত্ৰত চতুৰ্থ স্থানত আছে মহিন্দ্ৰা Scorpio। তথ্য অনুসৰি আগষ্ট মাহত মুঠ ১৩,৭৮৭ খন Scorpio বাহন বিক্ৰী হৈছে।

5 / 5

মাৰুতি চুজুকিৰ Fronx এই তালিকাৰ পঞ্চম স্থানত আছে। বিগত মাহত এই বাহনখনৰ ১২,৩৮৭টা ইউনিট বিক্ৰী হৈছে।

Follow Us On
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version