বাৰে বাৰে ভাঙি যায় নেকি নখ? তেন্তে হ’ব পাৰে এইসমূহ সমস্যা… – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

বাৰে বাৰে ভাঙি যায় নেকি নখ? তেন্তে হ’ব পাৰে এইসমূহ সমস্যা…

Published: 

22 May 2024 15:54 PM

মহিলাসকলে ধুনীয়া দীঘল নখ ভাল পায়। সেইবাবেই তেওঁলোকে নিজৰ নখৰ বহুত যত্ন লয়। কিন্তু কেতিয়াবা এই নখবোৰৰ ৰং সলনি হোৱাৰ লগতে ভাঙি যায় বা দুৰ্বল হৈ পৰে। এনে হোৱাৰ আছে কিছুমান বিশেষ কাৰণ।

1 / 5মহিলাসকলে

মহিলাসকলে ধুনীয়া দীঘল নখ ভাল পায়। সেইবাবেই তেওঁলোকে নিজৰ নখৰ বহুত যত্ন লয়। কিন্তু বহু সময়ত কিছুমানৰ নখ দীঘল হোৱাৰ লগে লগে ভাঙি যায়। ইয়াৰ আছে বিশেষ কাৰণ।

2 / 5

কেলছিয়ামৰ অভাৱঃ কেলছিয়ামে হাড় মজবুত কৰি ৰখাৰ লগতে দাঁত আৰু নখৰ বাবেও ই অতি গুৰুত্বপূৰ্ণ। শৰীৰত কেলচিয়ামৰ অভাৱৰ বাবে নখ দুৰ্বল হৈ ভাঙিবলৈ আৰম্ভ কৰে।

3 / 5

আয়ৰণৰ অভাৱঃ শৰীৰত আইৰণৰ অভাৱৰ বাবে হিম’গ্লবিনৰ উৎপাদনত বাধাৰ সৃষ্টি হয়. যাৰ বাবে শৰীৰত ৰক্তহীনতা হয়। ইয়াৰ ফলত আপোনাৰ নখৰ ৰং সলনি হ’ব পাৰে আৰু ভাঙিব পাৰে।

4 / 5

ভিটামিন বি-ৰ অভাৱঃ শৰীৰত ভিটামিন বি-১২ৰ অভাৱৰ বাবে কোষ গঠনত সমস্যা হ’ব পাৰে। ইয়াৰ বাবে নখ দুৰ্বল হোৱাৰ লগতে ই আপোনাৰ ছালত প্ৰভাৱ পেলাব পাৰে। ইয়াৰোপৰি আন সমস্যাইও দেখা দিব পাৰে।

5 / 5

হাইপোথাইৰয়ডৰ সমস্যাঃ ই হৈছে হৰম’নৰ সমস্যা। যাৰ বাবে ভাগৰুৱা, ওজন বৃদ্ধি, পেশীৰ বিষ আদিৰ উপৰিও চুলি সৰা আৰু নখ দুৰ্বল হোৱা আৰু ভাঙি যোৱাৰ দৰে সমস্যাও হ’ব পাৰে।

দীপাৱলীৰ দিনটোত নকৰিব এই ভুল!
নছৰল্লাহৰ মৃত্যুৰ এমাহৰ পাছত নতুন নেতা নিৰ্বাচিত কৰিলে হিজবুল্লাহে...
পৰম্পৰা ৰক্ষা কৰি প্ৰদূষণমুক্ত দীপাৱলী কেনেকৈ উদযাপন কৰিব ? জানক
দেৱালীৰ সময়ত ভাগ্য ফুলিব এই ৫ ৰাশিৰ! লাভ কৰিব চাকৰি, ধন-সম্পত্তি...