শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Budget 2025: অসমৰ বাবে ঐতিহাসিক দিন! বাজেট সন্দৰ্ভত কি ক’লে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীয়ে…

Budget 2025: আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিলে কেন্দ্ৰীয় বাজেট। এই বাজেটত স্থান পাই অসমেও। বাজেট দাখিলৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীয়ে।

barasha-sarma
Barasha Sarma | Published: 01 Feb 2025 15:18 PM
আজি সদনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰে কেন্দ্ৰীয় বাজেট। এই বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসমকলৈও ডাঙৰ ঘোষণা কৰে চৰকাৰে। ইয়াৰ পাছতে বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

1 / 5
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে,আজি ভাৰতৰ উন্নয়ন যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। এয়া ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষাৰ বাজেট।প্ৰতিজন ভাৰতীয়ৰ সপোন পূৰণ কৰা এই বাজেট। এই বাজেটে বিকশিত ভাৰত অভিযানক আগুৱাই নিব।অসমক লৈ কৰা সিদ্ধান্ত সন্দৰ্ভত মুখ্য়মন্ত্ৰীয়ে লিখে যে- অসমৰ বাবে আজি এক ঐতিহাসিক দিন ! কেন্দ্ৰীয় বাজেট-২০২৫ত আমাৰ নামৰূপত ১২.৭ লাখ মেট্ৰিক টন উৎপাদন ক্ষমতাৰ ইউৰিয়া প্ৰকল্পৰ ঘোষণা কৰা হৈছে৷ অসমৰ জনসাধাৰণৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই লোৱা এই সিদ্ধান্ত আক্ষৰিক অৰ্থতে এক উল্লেখযোগ্য ঘটনা।

2 / 5
লগতে কয়,জাগীৰোডত ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ পাছত অসমলৈ দিয়া বৃহৎ উপহাৰটি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বৃহৎ উপহাৰ হিচাপে বিবেচিত হ'ব। ই কেৱল সাৰ উপলব্ধতাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা লাভ কৰাত সহায় কৰাই নহয়, আমাৰ সম্পদ প্ৰাকৃতিক গেছৰ সমলৰো সদ্ব্যৱহাৰৰ ক্ষেত্ৰত সহায় কৰিব। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমন ডাঙৰীয়ানীলৈ অসমবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

3 / 5
বাজেট ২০২৫

উল্লেখ্য যে, আজি দাখিল কৰা বাজেটত কৃষক,শিক্ষা, স্বাস্থ্য , আয়কৰ আদিৰ ক্ষেত্ৰত বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰা হয়। মেডিকেল কলেজত আসন বৃদ্ধি, ৩০ টাৰো অধিক জীৱন দায়িনী ঔষধৰ মূল্য হ্ৰাস, আয়কৰ ৰেহাই আদিকে ধৰি বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰে।

4 / 5
অৱশ্যে বিৰোধী দলে ইয়াৰ বিৰোধিতা কৰে। একাংশই কয় যে, এই বাজেট নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা হৈছে। অসম আৰু বিহাৰত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া আছে বাবে এই দুই ৰাজ্যৰ বাবে বিশেষ ঘোষণা কৰিছে। বিৰোধী দলে প্ৰতিবাদ কৰাৰ পাছতে সোমবাৰলৈ আজিৰ সদন স্থগিত ৰখা হয়।

5 / 5