বিশ্বৰ সন্মানীয় চলচ্চিত্ৰ মহোৎসৱ Cannes Film Festivalত উপস্থিত আছে অসমীয়া বোলছবিৰ অভিনেত্ৰী আইমী বৰুৱা।
তৃতীয় বাৰৰ বাবে Cannes Film Festivalৰ ৰেড কাৰ্পেটত খোজ দিলে অভিনেত্ৰী আইমী বৰুৱাই। সামাজিক মাধ্যমত তেওঁ শ্বেয়াৰ কৰিলে ফটো।
পূৰ্বৰ দৰে এইবাৰো নিজৰ পৰিচয়-স্বাভিমান লৈ সগৌৰৱেৰে এগৰাকী অসমীয়া হিচাপে ৰেড কাৰ্পেটত খোজ দিয়া বুলি উল্লেখ কৰে অভিনেত্ৰীগৰাকীয়ে।
অভিনেত্ৰীগৰাকীৰ পিন্ধনত দুশ বছৰীয়া পুৰনি ফুল বছা মুগাৰ সাঁজ, হাতত গামখাৰু, অসমীয়া গামোছা, ৰিহা আৰু খোপাত কপৌফুল।
Cannes Film Festivalৰ ঐতিহ্যৰে ভৰা ৰেম্পত অসমৰ ঐতিহ্য-গৌৰৱক সাবটি, অসমবাসীৰ আশিস শিৰত লৈ খোজ থৈ নথৈ আপ্লুত বুলি মন্তব্য আইমী বৰুৱাৰ।