বাহন ক্ৰয়ৰ সময়ত গুৰুত্ব দিয়ক সুৰক্ষাতঃ এইকেইখন বাহনত আছে ৬টা এয়াৰবেগৰ সুবিধা Assam news - Assam Tv9

বাহন ক্ৰয়ৰ সময়ত গুৰুত্ব দিয়ক সুৰক্ষাতঃ এইকেইখন বাহনত আছে ৬টা এয়াৰবেগৰ সুবিধা

Published: 

22 Jun 2024 17:09 PM

কিছুদিনৰ পিছত বিদ্যালয়সমূহত দিয়া হ’ব গৰম বন্ধ। এই গৰম বন্ধৰ সময়ত সন্তান তথা পৰিয়ালৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা নিশ্চয় কৰিছে। আৰু এই পৰিকল্পনা অনুসৰি হয়তো এখন বাহন ক্ৰয়ৰ কথাও আপুনি ভাবিব পাৰে। কিন্তু মনত ৰাখিব বাহন ক্ৰয়ৰ সময়ত সদায় ইয়াৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি গুৰুত্ব দিয়া উচিত। গ্ৰাহকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ১০ লাখ টকাৰ বাজেটৰ ভিতৰতে কেইটামান প্ৰতিষ্ঠানে ৬টা এয়াৰবেগৰ সুবিধা প্ৰদান কৰিছে। এই বাহনসমূহৰ বিষয়ে জানো আহক।

1 / 5Hyundai

Hyundai Exter: ১০ লাখ টকাতকৈ কম মূল্যৰ এই এছ ইউ ভিত ৬টা এয়াৰবেগ উপলব্ধ। এই বাহনখনৰ আৰম্ভণি মূল্য ৬,১২,৮০০ লাখ টকা (এক্স শ্ব’ৰুম)।

2 / 5

Hyundai Aura: হুণ্ডাই কোম্পানীৰ এই বাহনখনতো সুৰক্ষাৰ বাবে ৬টা এয়াৰবেগ দিয়া হৈছে। এই বাহনখনৰ আৰম্ভণি মূল্য ৬,৪৮,৬০০ লাখ টকা (এক্স শ্ব’ৰুম)।

3 / 5

Tata Nexon: টাটা মটৰছৰ এই এছ ইউ ভিখনৰ প্ৰতিটো ভেৰিয়েণ্টতে ৬টা এয়াৰবেগ উপলব্ধ। এই বাহনখনৰ আৰম্ভণি মূল্য ৭,৯৯,৯৯০ টকা (এক্স শ্ব’ৰুম)।

4 / 5

Kia Sonet: কিয়া ছনেটৰ প্ৰতিটো ভেৰিয়েন্টতে এতিয়া ৬টা এয়াৰবেগ উপলব্ধ। এই SUV ৰ মূল্য ৭,৯৯,০০০ টকা (এক্স শ্ব’ৰুম)ৰ পৰা আৰম্ভ হয়।

5 / 5

Maruti Suzuki Baleno: মাৰুটি ছুজুকিৰ এই বাহনখনত এতিয়া গ্ৰাহকে সুৰক্ষাৰ বাবে ৬টা এয়াৰবেগৰ সুবিধা লাভ কৰিব। এই বাহনখনৰ আৰম্ভণি মূল্য ৬,৬৬,০০০ টকা (এক্স-শ্ব’ৰুম)।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?