5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

দহ লাখতকৈয়ো কম মূল্যত চানৰুফৰ সুবিধাসহ এই পাঁচখন বাহনঃ চাওক সবিশেষ…

পৰিয়ালৰ সুবিধা হোৱাকৈ এখন বাহন ক্ৰয় কৰাৰ সপোন সকলোৰে থাকে। যদি আপুনিও দহ লাখ টকাৰ বাজেটৰ ভিতৰত এখন নতুন গাড়ী কিনিব বিচাৰে, তেন্তে আপোনাৰ পছন্দ হোৱাকৈ বহুকেইখন বাহন এতিয়া বজাৰত উপলব্ধ। এই বাহনকেইখনত আছে আনকি ছানৰুফৰো সুবিধা। এই তালিকাত টাটা মটৰ্ছ, হুণ্ডাই, মহিন্দ্ৰা আদি কোম্পানীৰ বাহন আছে।

monjit-dutta
Monjit Dutta | Published: 11 Jun 2024 21:11 PM
টাটা আলট্ৰ’জঃ টাটা মটৰ্ছৰ এই কম মূল্যৰ বাহনখনত আছে চানৰুফৰ সুবিধা। শেহতীয়াকৈ এই বাহনখনৰ এটা ৰেচাৰ ভেৰিয়েণ্টো মুকলি কৰা হৈছে। এই গাড়ীখনৰ এক্স শ্ব’ৰুম মূল্য ৬.৬৪ লাখ টকা।

1 / 5
হুণ্ডাই এক্সটাৰঃ হুণ্ডাইৰ এই সুলভ মূল্যৰ এছ ইউ ভিখনতো চানৰুফৰ সুবিধা লাভ কৰিব। যদিও এই গাড়ীখনৰ মূল্য ৬.১২ লাখ টকাৰ পৰা (এক্স শ্ব’ৰুম) আৰম্ভ হয়, চানৰুফ মডেলৰ মূল্য ৮.২৩ লাখ টকা (এক্স শ্ব’ৰুম) হ’ব।

2 / 5
টাটা পাঞ্চঃ টাটা মটৰ্ছৰ এই গাড়ীখন মে’ মাহত বেষ্ট চেলিং মডেল আছিল। এই মাইক্ৰ’ এছ ইউ ভিখনতো চানৰুফৰ সুবিধা আছে। এই এছ ইউ ভিখনৰ আৰম্ভণি মূল্য ৬ লাখ ১২ হাজাৰ টকা (এক্স শ্ব’ৰুম)। অৱশ্যে চানৰুফ ভেৰিয়েণ্টৰ বাবে আপুনি ৮.৩৪ লাখ টকা (এক্স শ্ব’ৰুম) খৰচ কৰিব লাগিব।

3 / 5
হুণ্ডাই i20: হুণ্ডাইৰ এই বাহনখনতো চানৰুফৰ সুবিধা আছে। এই গাড়ীখনৰ আৰম্ভণি মূল্য ৭ লাখ ৪ হাজাৰ টকা (এক্স-শ্ব’ৰুম)। আনহাতে চানৰুফৰ ভেৰিয়েণ্টৰ বাবে ই ৮.৭২ লাখ টকা (এক্স-শ্ব’ৰুম) . খৰচ কৰিব লাগিব।

4 / 5
মহিন্দ্ৰা XUV 3X0: কিছুদিনৰ পূৰ্বে মহিন্দ্ৰাই XUV300 ৰ ফেচলিফ্ট ভেৰিয়েণ্ট মুকলি কৰিছে। এই গাড়ীখনৰ মূল্য ৭.৪৯ লাখ টকাৰ পৰা আৰম্ভ হয় (এক্স শ্ব’ৰুম)। কিন্তু চানৰুফ ভেৰিয়েণ্টৰ বাবে আপুনি ৮ লাখ ৯৯ হাজাৰ টকা (এক্স শ্ব’ৰুম) দিব লাগিব।

5 / 5
Latest Stories