চেম্পিয়নছ ট্ৰফীৰ পিছতে তাৰকা ভাৰতীয় ক্ৰিকেটাৰৰ অৱসৰ! সামাজিক মাধ্যমত চলিছে গুঞ্জন | Champions Trophy 2025 final India vs New Zealand Ravindra Jadeja Retirement rumours as Virat Kohli hugs him Assam news - Assam Tv9

চেম্পিয়নছ ট্ৰফীৰ পিছতে তাৰকা ভাৰতীয় ক্ৰিকেটাৰৰ অৱসৰ! সামাজিক মাধ্যমত চলিছে গুঞ্জন

Published: 

09 Mar 2025 19:14 PM

ডুবাইত চলি থকা চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত অৱতীৰ্ণ হৈছে ভাৰত আৰু নিউজিলেণ্ড। এই মেচখনৰ সময়তে খেলপথাৰত দেখা পোৱা এক বিশেষ দৃশ্যৰ পিছত এতিয়া সামাজিক মাধ্যমত এগৰাকী ভাৰতীয় তাৰকাৰ সম্ভাৱ্য অৱসৰৰ বাতৰিক লৈ চলিছে ব্যাপক চৰ্চা।

1 / 5ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ডুবাইত চলি আছে চলিত চেম্পিয়নছ ট্ৰফীৰ ফাইনেল। আজি ফাইনেলত টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ পিছত নিউজিলেণ্ডে ২৫১ ৰান সংগ্ৰহ কৰে। এইদৰে ভাৰতে লাভ কৰিছে ২৫২ ৰানৰ জয়ৰ লক্ষ্য।

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ডুবাইত চলি আছে চলিত চেম্পিয়নছ ট্ৰফীৰ ফাইনেল। আজি ফাইনেলত টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ পিছত নিউজিলেণ্ডে ২৫১ ৰান সংগ্ৰহ কৰে। এইদৰে ভাৰতে লাভ কৰিছে ২৫২ ৰানৰ জয়ৰ লক্ষ্য।

2 / 5

মেচখনত নিউজিলেণ্ডে প্ৰত্যাশিত আৰম্ভণি ঘটাইছিল যদিও ভাৰতীয় স্পিনাৰে প্ৰথম পাৱাৰ প্লে’ৰ পিছতে মেচৰ স্থিতি ভাৰতীয় দলৰ পক্ষলৈ ঘূৰাই আনে। বৰুণে দলক প্ৰথমটো সফলতা দিয়াৰ পিছত কুলদীপ আৰু জাদেজায়ো প্ৰত্যাশিত প্ৰদৰ্শন দাঙি ধৰে।

3 / 5

মেচখনত নিজ স্পেলত জাদেজাই যথেষ্ট মিতব্যয়ী বলিঙেৰে কিৱি বেটাৰক ৰান সংগ্ৰহত বান্ধি ৰাখিবলৈ সক্ষম হয়। জাদেজাই ১০ অভাৰত ৩০ ৰান খৰচ কৰি দখল কৰে কিৱি উইকেটকীপাৰ বেটাৰ টম লাথামৰ গুৰুত্বপূৰ্ণ উইকেট। নিজ স্পেল সম্পূৰ্ণ কৰাৰ পিছত জাদেজাক খেলপথাৰৰ মাজতে সাবটি ধৰে সতীৰ্থ বিৰাট কোহলীয়ে।

4 / 5

দুয়োৰে মাজৰ এই আবেগিক ক্ষণে গেলাৰীত বহি থকা দৰ্শকৰ লগতে সমগ্ৰ ক্ৰিকেট বিশ্বকে আবেগিক কৰি তোলে। কোহলী-জাদেজাৰ এই ক্ষণৰ পিছতে এতিয়া সামাজিক মাধ্যমত জাদেজাৰ অৱসৰৰ সম্ভাৱনাক লৈ চলিছে চৰ্চা। আজিৰ ফাইনেলৰ পিছতে জাদেজাই অৱসৰ ল’ব পাৰে বুলি অনুৰাগীৰ মাজত চৰ্চা চলিছে।

5 / 5

লক্ষণীয়ভাৱে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ সময়ত পেভিলিয়নত কোহলীয়ে অশ্বিনক আলিঙ্গন কৰা দেখিবলৈ পোৱা গৈছিল। তাৰ পিছতে অৱসৰ ঘোষণা কৰিছিল অশ্বিনে। একেদৰে শেহতীয়াকৈ চেম্পিয়নছ ট্ৰফীৰ ছেমিফাইনেলৰ পিছত অষ্ট্ৰেলিয়ান অধিনায়ক ষ্টিভেন স্মিথকো আলিঙ্গন কৰিছিল কোহলীয়ে আৰু মেচৰ পিছতে স্মিথে এদিনীয়াৰ পৰা অৱসৰ ঘোষণা কৰিছিল।

এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...
ফাইনেলত জয়ী হোৱাৰ পাছতো ভাৰতে চেম্পিয়নছ ট্ৰফী দেশলৈ আনিব নোৱাৰে, কাৰণ জানেনে?