শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Champions Trophy 2025: অভিযান আৰম্ভ কৰিবলৈ সাজু ভাৰতঃ বাংলাদেশৰ বিপক্ষে প্লেয়িং ইলেভেনত কোন কোন…

আজি বাংলাদেশৰ বিপক্ষে মেচৰ জৰিয়তে চেম্পিয়নছ ট্ৰফী ২০২৫ত অভিযান আৰম্ভ কৰিব ভাৰতীয় দলে। চাওক আজিৰ মেচখনত ভাৰতীয় দলৰ মূল একাদশত কোনকেইগৰাকী খেলুৱৈয়ে স্থান পাইছে।

monjit-dutta
Monjit Dutta | Updated On: 20 Feb 2025 16:45 PM
আইচিচিৰ অন্যতম প্ৰধান ইভেণ্ট চেম্পিয়নছ ট্ৰফীৰ নৱম সংস্কৰণ বুধবাৰৰ পৰা আৰম্ভ হৈছে। বুধবাৰে প্ৰথমখন মেচত আয়োজক পাকিস্তানক পৰাস্ত কৰিছে নিউজিলেণ্ডে। আজি প্ৰতিযোগিতাৰ দ্বিতীয় দিনা খিতাপৰ অন্যতম দাবীদাৰ ভাৰতীয় দলে অভিযান আৰম্ভ কৰিব।

1 / 5
বাংলাদেশৰ বিপক্ষে আজি গ্ৰুপত নিজৰ প্ৰথমখন মেচত অৱতীৰ্ণ হ’ব ভাৰত। ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে এই মেচখন। ইতিমধ্যে টছত জয়ী হৈ বাংলাদেশে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছে। টছৰ সময়ত অধিনায়কদ্বয়ে ঘোষণা কৰিছে মূল একাদশ।

2 / 5
ভাৰতে মেচখনত তিনিগৰাকী স্পিনাৰ আৰু দুগৰাকী বলাৰসহ খেলপথাৰত নামিব। তেওঁলোকক সহযোগ কৰিব অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই। অপেনাৰ হিচাপে থাকিব অধিনায়ক ৰোহিত শৰ্মা আৰু সহ-অধিনায়ক শুভম গিল। উইকেটৰক্ষকৰ ভূমিকাত দেখা যাব কে এল ৰাহুলক।

3 / 5
মেচখনৰ বাবে ভাৰতৰ মূল একাদশঃ ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, কে এল ৰাহুল (উইকেটৰক্ষক), হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৰবীন্দ্ৰ জাদেজা, হৰ্ষিত ৰাণা, মহম্মদ ছামী, কুলদীপ যাদৱ।

4 / 5
আনহাতে প্ৰতিপক্ষ বাংলাদেশৰ মূল একাদশঃ তানজিদ হাছান, সৌম্য সৰকাৰ, নাজমুল হুছেইন শান্তো (অধিনায়ক), তৌহিদ হৃদয়, মুছফিকুৰ ৰহিম (উইকেটৰক্ষক), মেহেদী হাছান মিৰাজ, জাকেৰ আলী, ৰিছাদ হুছেইন, তানজিম হাছান চাকিব, তাস্কিন আহমেদ, মুস্তাফিজুৰ ৰহমান।

5 / 5